NORTHEAST NOW (Assamese)

ৰবিবাৰৰ পৰা আৰম্ভ হ’ল ‘গান জ্ঞাই’ উৎসৱ

January 2, 2018 10:33 am · এন ই নাও নিউজ
Updated: January 3, 2018 3:02 pm

উত্তৰ-পূবৰ অন্যতম ৰাজ্য মণিপুৰৰ জেলিয়ানগ্ৰঙ সম্প্ৰদায়ৰ লোকসকলে পুৰণি বছৰক বিদায় দি নতুন বছৰক আদৰে ‘গান জ্ঞাই’ নামৰ উৎসৱেৰে। সেইদৰে এই বছৰো ৰাজ্যখনৰ চুৰাচন্দপুৰ জিলাৰ ৰিয়াংজাঙ গাওঁত জাক জমকতাৰে ৰবিবাৰৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে উৎসৱটিৰ শুভাৰম্ভণি হয়। উল্লেখযোগ্য যে  প্ৰত্যেক বছৰে শস্য চপোৱাৰ পিছত বিশাল আয়োজনেৰে এই উৎসৱটি উদযাপন কৰা হয়।

বিভিন্ন নাচ গানৰ কাৰ্যসূচীৰ মাজেৰে তথা  লোকবিশ্বাস অনুসৰি সম্প্ৰদায়টোৰ মংগলৰ হকে পৱিত্ৰ অগ্নি শিখা জলাই শুভাৰম্ভণি কৰে উৎসৱটিৰ। পাৰ্বত্য অঞ্চল কমিটিৰ অধ্যক্ষ থাঙজলাম হাওকিপে উৎসৱটিৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি জেলিয়ানগ্ৰঙ সম্প্ৰদায়ৰ লোকসকলক নতুন বছৰৰ শুভেচ্ছা জনোৱাৰ উপৰি লোকসকলক শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনায়।

বিশাল সাংস্কৃতিক উৎসৱটিৰ অবিচ্ছেদ্য অংগ হিচাপে সাংস্কৃতিক কাৰ্যসূচীৰ লগতে বিভিন্ন ধৰণৰ খেল ধেমালীৰ আয়োজন কৰা হয়। আনহাতে বিজয়ীসকলক স্থানীয় ভাবে তৈয়াৰী সাজপানীৰ লগতে মাংস প্ৰদান কৰা হয় বুলি আয়োজক সংস্থাই জানিবলৈ দিয়ে।

Related News