NORTHEAST NOW (Assamese)
উত্তৰ-পূব

ৰহিংগীয়া শৰণাৰ্থী সমস্যাৰ বাতৰি পৰিৱেশনেৰে ‘বাফটা’ বঁটা জিনিলে স্কাই নিউজে

Posted by: এন ই নাও নিউজ May 14, 2018 12:39 pm
Rohingya

ম্যানমাৰৰ ৰহিংগীয়া শৰণাৰ্থীৰ জীৱন- মৰণৰ সমস্যাৰ ছবিখন বাতৰিৰ মাধ্যমেৰে সমগ্ৰ বিশ্ববাসীৰ আগত উন্মোচিত কৰাৰ বাবে সন্মানীয় ‘বাফটা’ বঁটা জয় কৰিবলৈ সক্ষম হৈছে স্কাই নিউজে।

উল্লেখযোগ্য যে ম্যানমাৰৰ ৰাখাইন প্ৰদেশত বাৰ্মিজ সেনাৰ নৃশংস অত্যাচাৰৰ ঘটনা বাতৰি আকাৰে পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ পোৱাৰ পাছতে হৈ- চৈ লাগিছিল সমগ্ৰ বিশ্বজুৰি।

বাৰ্মিজ সেনাই কিদৰে সদ্যোজাত সন্তান তথা শিশু- মহিলা সকলক হত্যা কৰিছিল সেই দৃশ্যাংশ বাতৰি আকাৰে প্ৰকাশ পোৱাৰ পাছত বিশ্ব নেতৃত্বৰ চাপত পৰিছিল ম্যানমাৰ।

সন্মানীয় ‘বাফটা’ সন্মান গ্ৰহণ কৰি স্কাই নিউজৰ বিশেষ সংবাদদাতা এলেক্স ক্ৰফ’ৰ্ডে কয়— ‘ম্যানমাৰৰ ৰহিংগীয়া সকলৰ সমস্যা উপলব্ধি কৰাৰ বাবে বিচাৰকসকলক ধন্যবাদ। মানুহে মোক কয় যে পৃথিৱীৰ অন্য প্ৰান্তত ক’ত কি হৈ আছে তাত ব্ৰিটিছসকলে গুৰুত্ব নিদিয়ে।কিন্তু সেয়া সঁচা নহয়।ৰহিংগীয়া সকলৰ দুৰ্দশাৰ ছবিখন বাতৰি আকাৰে প্ৰচাৰ কৰা হৈছে। ইয়ে বিশ্ববাসীৰ সন্মুখত এখন ভয়াৱহ সংকটৰ ছবি ডাঙি ধৰিলে’।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে বাফটা বঁটাৰ বাবে স্কাই নিউজে দুটাকৈ মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছিল।

সম্প্ৰতি স্কাই নিউজৰ এই সাফল্যৰ বাবে সংবাদ প্ৰতিষ্ঠানটোৰ লগতে বিশেষ সংবাদদাতা এলেক্স ক্ৰফ’ৰ্ডক অভিন্দন জ্ঞাপন কৰিছে সকলোৱে।