NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি বক্সাৰ লাভলিনা বৰগোহাঁইৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 12, 2019 9:00 pm
Lovina Borgohain

অলপতে ৰাছিয়াত অনুষ্ঠিত হোৱা এখন আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰা অসম কন্যা লাভলিনা বৰগোহাঁইয়ে আজি মুখ্য মন্ত্ৰী বান সাহায্য পুঁজিলৈ ১৫ হাজাৰ টকা বৰঙণি হিচাপে আগবঢ়ায়।

ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন সফলতা লাভ কৰা অসম কন্যাগৰাকীয়ে আজি ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত মুখ্য মন্ত্ৰী সোণোৱালক সাক্ষাৎ কৰি বানাক্ৰান্ত লোক সকলক সহায়ৰ উদ্দেশ্যে ১৫ হাজাৰ টকাৰ চেক প্ৰদান কৰে।

ইফালে মুখ্য মন্ত্ৰী সোণোৱালে ছ’চিয়েল মিডিয়াত লাভলিনাই সাহায্য প্ৰদান কৰা ফটো চেয়াৰ কৰি বানাক্ৰান্ত ৰাইজৰ সহায়ৰ বাবে যুৱপ্ৰজন্ম এইদৰে আগবাঢ়ি অহা কাৰ্যই সমাজত এক ইতিবাচক প্ৰভাৱ পেলাব বুলি কয়। লগতে বক্সাৰ গৰাকীক ধন্যবাদ জনায়।

লাভলিনাৰ উপৰি দেশৰ তাৰকা দৌৰবিদ তথা অসম কন্যা হিমা দাসৰ লগতে অসমৰ যুৱ ক্ৰিকেটাৰ তথা আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ খেলা ৰিয়ান পৰাগেও মুখ্য মন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ সাহায্য প্ৰদান কৰিছে।