NORTHEAST NOW (Assamese)
অসম

সন্মুখত স্বাধীনতা দিৱস; ভাৰত-বাংলা সীমান্তত সষ্টম বি এছ এফ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 12, 2019 7:16 pm
Agartala- BSF keep a vigil near India-Bangladesh border (5)

৭৩ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে সীমান্তৱৰ্তী অঞ্চল সমূহতো নিৰাপত্তা বেষ্টনী অধিক কটকটীয়া কৰি তোলা হৈছে।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মৌলবাদী সংগঠন সমূহে যাতে সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে বিগত কিছু দিনৰ পৰা ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত বি এছ এফৰ সুৰক্ষা বাহিনী যথেষ্ট সষ্টম হৈ আছে।

ভাৰত-বাংলা সীমান্তৰ ত্ৰিপুৰাৰ সকলো আৰক্ষী থানাকে ১৫ আগষ্টৰ দিনটো সুকলমে পাৰ নোহোৱালৈকে বিভাগীয় কৰ্তৃপক্ষই সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়াৰ কথা জানিব পৰা গৈছে।

ইয়াৰ উপৰি ‘স্বাধীনতা দিৱস উপলক্ষে নিৰাপত্তা অধিক কটকটীয়া কৰি তোলাৰ স্বাৰ্থত আমি ৰেইল ষ্টেশ্যন, বাছ, হোটেলৰ লগতে বিভিন্ন অঞ্চলত নিয়মীয়াভাৱে তালাচী চলাই আছো’। এই কথা জানিবলৈ দিয়ে ত্ৰিপুৰাৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াই।