NORTHEAST NOW (Assamese)
অসম

এন এইচ পি চিৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ আৰম্ভ অঃ জাঃ যুঃ ছাঃ পঃৰ

Posted by: ফাৰহানা আহমেদ Updated by: ফাৰহানা আহমেদ August 12, 2019 6:18 pm

পুনৰ গেৰুকামুখস্থিত নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

সংগঠনটোৱে যোৱা দেওবাৰৰ পৰা ১০০ ঘণ্টাৰ বাবে উত্তৰ লখিমপুৰৰ খেলমাটিত এন এইচ পি চিয়ে বান্ধ নিৰ্মাণৰ বাবে অনা সামগ্ৰী অৱৰোধ কৰি ৰাখিছে।

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সোৱনশিৰিত বৃহৎ নদীবান্ধৰ নিৰ্মাণ হ’বলৈ নিদিয়ে বুলি সংগঠনটোৰ নেতা সৌৰভ দাসে সংবাদ মাধ্যমৰ আগত কয়। তেওঁ লগতে কয় যে শেহতীয়াভাৱে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে প্ৰকল্পৰ কাম আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়াৰ পিছত এতিয়া প্ৰতিবাদৰ বাহিৰে আন বিকল্প নাই।

সংগঠনটোৱে লখিমপুৰত অৱস্থাত ধৰ্মঘট আৰু ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ পিছত নদীবান্ধৰ কাম পুনৰ আৰম্ভ কৰাৰ বিৰোধিতা কৰি প্ৰধান মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে অলপতে বান্ধ বিৰোধী সংগঠনসমূহে বৰ্তমানৰ তিনিজনীয়া কমিটিখনৰ নিৰপেক্ষতাত সন্দেহ প্ৰকাশ কৰি এখন ছয়জনীয়া বিশেষজ্ঞ কমিটি গঠন কৰিবলৈ কৰা আবেদন নাকচ কৰিছিল।

আছুৰ নেতা তুলাৰাম গগৈ আৰু এ পি ডব্লিউৰ মুৰব্বী অভিজিত শৰ্মাই উক্ত আবেদন দাখিল কৰিছিল।