NORTHEAST NOW (Assamese)
অসম

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ শংকা; ম্যানমাৰে মুকলি কৰি দিব ২৪০০০ কাৰাবন্দীক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 17, 2020 5:56 pm
2579 persons test Covid19 positive in Assam on Tuesday

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ম্যানমাৰৰ কাৰাগাৰৰ পৰা প্ৰায় ২৪,০০০ অধিক কাৰাবন্দীক মুকলি কৰি দিয়া হ’ব বুলি শুকুৰবাৰে ৰাষ্ট্ৰপতিৰ কাৰ্য্যালয়ৰ পৰা প্ৰকাশ কৰা হয়।

মানবীয় দৃষ্টিকোণ আৰু জনসাধাৰণৰ শান্তিৰ প্ৰতি লক্ষ্য ৰাখি ম্যানমাৰৰ চলিত নৱবৰ্ষৰ সময়তে দেশখনৰ ৰাষ্ট্ৰপতিয়ে ২৪,৮৯৬ গৰাকী কাৰাবন্দীক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

জানিব পৰা মতে, ম্যানমাৰত প্ৰতিবছৰ নৱবৰ্ষত বহু কাৰাবন্দীক মুকলি কৰি দিয়া হয়।

সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হৈ থকাৰ সময়তে ম্যানমাৰ চৰকাৰে একেলগে বৃহৎ সংখ্যক কাৰাবন্দীক মুকলি কৰি দিয়াৰ বাবে সিদ্ধান্ত লয়।

ম্যানমাৰত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ৰাষ্ট্ৰজোৰা ল’কডাউন চলি থকাৰ সময়তে বহু মানৱ অধিকাৰ সংস্থা আৰু স্বেচ্ছাসেৱী সংগঠনে কাৰাবন্দী সকলক মুকলি কৰি দিয়াৰ বাবে চৰকাৰক হেচা প্ৰয়োগ কৰি আহিছে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ইয়াৰ পূৰ্বে ইৰাণতো বহু সংখ্যক কাৰাবন্দীক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল।