NORTHEAST NOW (Assamese)
অসম

ল’কডাউনৰ মাজতে গুৱাহাটীৰ ৰাজপথলৈ ওলাই আহিল শৰ পহু

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 17, 2020 5:43 pm

দ্বিতীয় পৰ্যায়ৰ ল’কডাউনৰ তৃতীয় দিনটোত মহানগৰীত দেখা গ’ল এক মনোমোহা দৃশ্য। মহানগৰীৰ জাপৰিগোগত পুৱাই বনাঞ্চলৰ পৰা ওলাই আহিল এটা শৰ পহু।

স্থানীয় লোকে জনোৱা মতে হেঙেৰাবাৰী বনাঞ্চলৰ পৰা পহুটো ওলাই আহিছিল। পহুটোক দেখা পাই অঞ্চলটোৰ একাংশ লোকে পহুটোক খাবলৈ বস্তু দিয়াত হৰিণটোৱেও কোনো ভয়-শংকা নকৰাকে মানুহৰ হাতৰ পৰা শাক পাচলি, ফলমূল আদিৰ সোৱাদ লয়।

অৱশ্যে কিছুসময় সেই অঞ্চলত থকাৰ পিছত পুনৰ হেঙেৰাবাৰী বনাঞ্চললৈ উভটি যায় শৰ পহুটো।

উল্লেখযোগ্য যে, ল’কডাউনৰ সময়ছোৱাত জনসাধাৰণৰ সমাগম কম হোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনাঞ্চলৰ পৰা জনাঞ্চললৈ হাতী, বাঘ, হৰিণকে ধৰি বিভিন্ন বন্য প্ৰাণী ওলাই অহা দেথিবলৈ পোৱা গৈছে।