NORTHEAST NOW (Assamese)
অসম

ল’কডাউনৰ সময়ত এইবোৰ নতুন নিৰ্দেশনা গুৱাহাটী যান-বাহন আৰক্ষীৰ; ভংগ কৰিলে হ’ব কঠোৰ শাস্তি

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 17, 2020 5:15 pm

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত ৩ মে’লৈ লকডাউন বৃদ্ধি কৰাৰ কথা ঘোষণা কৰাৰ লগতে ২০ এপ্ৰিললৈ এই ল’কডাউন কঠোৰভাৱে যাতে পালন কৰা হয় তাৰবাবে ৰাজ্য চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক নজৰ দিবলৈ আহ্বান জনায়।

প্ৰধান মন্ত্ৰীৰ আহ্বানৰ পাছতে লকডাউন সুচাৰু ৰূপে পালন কৰাৰ ক্ষেত্ৰত অধিক কঠোৰ হৈছে অসম আৰক্ষী।

গুৱাহাটী যান-বাহন আৰক্ষীয়ে আজি লকডাউনৰ সময়ত জনসাধাৰণে পালন কৰিবলগীয়া কিছু নতুন নিৰ্দেশনা দিয়ে।

এই নতুন নিৰ্দেশনা অনুসৰি-

১. সকলোধৰণৰ ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিব লাগিব।

২. দুচকীয়া বাহনত দুজন আৰোহী যাত্ৰা কৰিব নোৱাৰিব।

৩. চাৰিচকীয়া বাহনত চালক আৰু মাত্ৰ এজন যাত্ৰীয়েহে যাব পাৰিব।

৪. ৰাজহুৱা স্থানত কোনো লোকে ঠু-খেকাৰ পেলাব নোৱাৰিব।

ইয়াৰ লগতে পূৰ্বৰ আন বহুতো নীতি-নিৰ্দশনা বাহাল থাকিব বুলিও গুৱাহাটী যান-বাহন আৰক্ষীয়ে প্ৰকাশ কৰে।

আনহাতে, আৰক্ষীৰ তৰফৰ পৰা বান্ধি দিয়া নীতি-নিৰ্দেশনা সমূহ ভংগ কৰিলে জৰিমনাৰ লগতে শাস্তিৰ সন্মুখিন হ’ব লাগিব বুলিও আৰক্ষীয়ে জনসাধাৰণক সকীয়াই দিয়ে।