NORTHEAST NOW (Assamese)
দেশ

হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ বিজেপি নেতা নায়ব সিং ছাইনীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 12, 2024 6:37 pm
Haryana Chief Minister Nayab Singh Saini

মনোহৰ লাল খট্টৰ চৰকাৰৰ প্দত্যাগৰ পিছত হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কিছু সময় পূৰ্বে শপত গ্ৰহণ কৰে বিজেপি নেতা নায়ব সিং ছাইনীয়ে।

অ’বিচি সম্প্ৰদায়ৰ নেতা নায়ব সিং ছাইনীয়ে সন্ধিয়া প্ৰায় ৫ বজাত ৰাজভৱনত বিদায়ী মুখ্যমন্ত্ৰীৰ উপস্থিতিত শপত গ্ৰহণ কৰে।

শপত গ্ৰহণৰ বাবে মঞ্চলৈ উঠাৰ পূৰ্বে ছাইনীয়ে মনোহৰ লাল খট্টৰ আৰু হাৰিয়ানাৰ ৰাজ্যপাল বন্দৰু দত্তত্ৰেয়ৰ আশীৰ্বাদ লয়।

ইফালে নতুন চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বিজেপি নেতা কনোৱাৰ পাল গুজ্জাৰ, জয় প্ৰকাশ দলাল, বানৱাৰী লাল আৰু মুল চান্দ শৰ্মাই।

বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে নিৰ্দলীয় বিধায়ক ৰঞ্জিত সিং চৌটালায়ো।

উল্লেখ্য যে মিত্ৰজোঁটৰ অৱসান ঘটাই আজি পুৱাৰ ভাগত হাৰিয়ানাত ভংগ হৈছিল বিজেপি আৰু জননায়ক জনতা পাৰ্টিৰ সন্মিলিত চৰকাৰ।

মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ আৰু তেওঁৰ কেবিনেট মন্ত্ৰীসকলে ৰাজভৱনত ৰাজ্যপাল বন্দৰু দত্তত্ৰেয়ক পদত্যাগ পত্ৰ দাখিল কৰে।

ইয়াৰ পিছতে খট্টৰ আৰু দলটোৰ হাৰিয়ানাৰ প্ৰভাৰী বিপ্লৱ দেৱৰ উপস্থিতিত সৰ্বসন্মতিক্ৰমে বিজেপিৰ বিধানসভা দলৰ নেতা নিৰ্বাচিত হয় নায়ব সিং ছাইনী।