NORTHEAST NOW (Assamese)
অসম

খিলঞ্জীয়াক গুলী, বৰ্বৰ আক্ৰমণ: ত্ৰিপুৰা অভিমুখে ঢাপলি আছুৰ

Posted by: এন ই নাও নিউজ January 10, 2019 8:32 pm
AASU on India's New Education Policy 2020

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে আহ্বায়িত যোৱা ৮ জানুৱাৰিৰ উত্তৰ-পূব বন্ধত আৰক্ষীৰ বৰ্বৰ আক্ৰমণৰ বলি হোৱা ত্ৰিপুৰাৰ খিলঞ্জীয়া প্ৰতিবাদীৰ কাষত থিয় দিয়াৰ উদ্দেশ্যে বৃহস্পতিবাৰে বিজেপি শাসিত ৰাজ্যখনলৈ ঢাপলি মেলিছে আছু আৰু নেছ’ৰ এটা প্ৰতিনিধি দল।

“প্ৰতিনিধি দলটোৱে আহতসকলৰ স্বাস্থ্যৰ বুজ ল’ব আৰু ত্ৰিপুৰা ছাত্ৰ ফেদাৰে’চনৰ নেতৃবৰ্গ আৰু খিলঞ্জীয়া ত্ৰিপুৰী বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনাত মিলিত হ’ব,” নৰ্থ ইষ্ট নাও-ক জনালে সমুজ্জ্বল ভট্টাচাৰ্য্যই।

লগতে পঢ়ক– ত্ৰিপুৰাত খিলঞ্জীয়াক গুলীবৰ্ষণৰ দৃষ্টান্তৰে ভোগালী বিহুত ‘থলগিৰী’ক ন আহ্বান আলফা (স্বাধীন)ৰ

লগতে পঢ়ক– Video|| শিৰত ‘ৰাষ্ট্ৰদ্ৰোহ’ লৈ প্ৰথম প্ৰতিক্ৰিয়া ৮০ বছৰীয়া হীৰেন গোহাঁইৰ

দলটোত আছে আছুৰ মুখ্য উপদেষ্টা ভট্টাচাৰ্য্যৰ লগতে নেছ’ৰ অধ্যক্ষ চেমুৱেল জেৰৱা, সম্পাদক প্ৰধান চিনাম প্ৰকাশ, খাছি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ডনাল্দ থবাহ, বিষয়ববীয়া হেমবাৰ্ট গমিহ আৰু অসম উন্নতি সভাৰ সমন্বয়ক প্ৰীতম হাজৰিকা।

ভট্টাচাৰ্য্যই লগতে জনাই যে ঘটনাটোত গুৰুতৰভাৱে আহত দুজনক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে ক’লকাতালৈ প্ৰেৰণ কৰা হৈছে।

বন্ধৰ সময়ত প্ৰতিবাদীৰ ওপৰত ত্ৰিপুৰা আৰক্ষীৰ বৰ্বৰ আক্ৰমণ তথা গুলীচালনাত গুলীবিদ্ধ ৬ গৰাকীকে ধৰি ১৮ গৰাকীকৈ লোক আঘাতপ্ৰাপ্ত হৈছিল।