NORTHEAST NOW (Assamese)

ৰাছিয়াৰ ফিফা বিশ্বকাপলৈ অসমৰ ফটো সাংবাদিক গীতিকা তালুকদাৰ

June 10, 2018 2:20 pm · এন ই নাও নিউজ

ফিফাৰ দ্বাৰা আয়োজিত ৰাছিয়া বিশ্বকাপ ফুটবলত বাতৰি সংগ্ৰহৰ বাবে নিৰ্বাচিত হৈ সমগ্ৰ দেশৰ লগতে উত্তৰ- পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক গীতিকা তালুকদাৰে।

অহা ১৪ জুনৰ পৰা ১৫ জুলাইলৈ ৰাছিয়াত অনুষ্ঠিত হ’বলগীয়া ফুটবলৰ এই মহাৰণত উত্তৰ- পূব ভাৰতক প্ৰতিনিধিত্ব কৰিবলগীয়া গীতিকা তালুকদাৰে হৈছে একমাত্ৰ ফটো সাংবাদিক।

উল্লেখযোগ্য যে অসমৰ ফটো সাংবাদিক গীতিকা তালুকদাৰে ইয়াৰ পূৰ্বে ৰাজ্যখনৰ কেইবাটাও প্ৰকাশন গোষ্ঠীৰ হৈ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ, ইণ্ডিয়ান ছুপাৰ লীগ, কমনৱেলথ গেমছ, ছাউথ এছিয়ান গেমছ, ফিফাৰ ১৭ অনুৰ্ধ্ব প্ৰতিযোগিতাত নিজৰ অভিজ্ঞতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আনহাতে পিটিআই, এএফপিৰ উপৰি গীতিকাই পূৰ্বাঞ্চল প্ৰহৰী, আমাৰ অসম আৰু ইণ্ডিয়া টুডে আদিৰ বাবে কাম কৰিছে।

উল্লেখযোগ্য যে গীতিকাই আজি গুৱাহাটীৰ পৰা ৰাছিয়ালৈ উৰা মাৰিছে। তেওঁ ৰাছিয়াৰ মস্কো, কাজান, ছামাৰা, ছেইণ্ট পিটাৰ্ছবাৰ্গত অনুষ্ঠিত হ’বলগীয়া  দলীয় মেচ, ছেমি ফাইনেল আৰু ফাইনেলত বাতৰি- আলোকচিত্ৰ সংগ্ৰহ কৰিব বুলি জানিব পৰা গৈছে।

 

Related News