NORTHEAST NOW (Assamese)
উত্তৰ-পূব

ৰাজপথত নিগ্ৰহৰ বলি উত্তৰ-পূৱৰ যুৱতী, গুজৰাটীয়ে গুৰুলাগুৰুলকৈ কৰিলে প্ৰহাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 28, 2023 3:09 pm

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’। গুজ্জৰাটৰ আহমেদাবাদত আক্ৰমণৰ বলি হৈছে উত্তৰ-পূবৰ এগৰাকী মহিলা। সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত। 

গুজৰাটৰ আহমেদাবাদৰ এখন স্পাৰ মালিকে উত্তৰ-পূবৰ এগৰাকী ২৪ বছৰীয়া যুৱতীক আক্ৰমণ কৰাৰ লগতে চুলিত ধৰি ৰাস্তাত চোচৰাই লৈ যায়।

জানিব পৰা মতে, ২৫ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই জঘণ্য  ঘটনা। ঘটনা সংঘটিত হোৱা পিছত এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই নিৰ্যাতনৰ সমগ্ৰ্য দৃশ্য।

জানিব পৰা মতে, যুৱতীগৰাকীক নিৰ্যাতন চলোৱা ব্যক্তিজনৰ স্পাৰ সমুখতেই এই ঘটনা সংঘটিত হৈছে। ২৭ ছেপ্টেম্বৰত এই ভিডিঅ’ প্ৰকাশ পোৱাৰ পিছতে গোচৰটো ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে।

খবৰ অনুসৰি উত্তৰ-পূবৰ মহিলাগৰাকী অভিযুক্তৰ ব্যৱসায়িক অংশীদাৰ আছিল।