NORTHEAST NOW (Assamese)
অসম

ৰাজভৱনত সামৰিক বাহিনীৰ পতাকা দিৱস উদযাপন

Posted by: এন ই নাও নিউজ ব্যুৰো December 8, 2017 5:20 pm

কালি ৰাজভৱনত  সামৰিক বাহিনীৰ পতাকা দিৱস উদযাপন কৰা হয়। এই বাৰৰ সৈতে ষষ্ঠ বাৰলৈ গুৱাহাটীত এই কাৰ্যসূচী আয়োজন কৰা হয়। উল্লেখযোগ্য যে দেশ ৰক্ষাৰ বাবে নিজৰ জীৱন ত্যাগ কৰিবলৈ প্ৰস্তুত জোৱান সকলক সন্মান জনোৱাৰ উদ্দেশ্যে ১৯৪৯ চনৰ পৰা সমগ্ৰ দেশ জুৰি ৭ ডিচেম্বৰৰ দিনটো সামৰিক বাহিনীৰ পতাকা দিৱস হিচাপে উদযাপন কৰি অহা হৈছে।

জোৱান সকলে ৰাষ্ট্ৰৰ ঐক্য আৰু সুৰক্ষাৰ প্ৰতি আগবঢ়াই অহা নিস্বাৰ্থ  সেৱাক শলাগ লৈ ৰাজ্যপাল গৰাকীয়ে কয় যে সামৰিক বাহিনীৰ পতাকা দিৱসৰ দিনটো আমাৰ বাবে এই বীৰ জোৱান সকলৰ প্ৰতি সন্মানৰ লগতে তেওঁলোক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক আৰ্থিকভাৱে সহায় আগবঢ়োৱাৰ এক উপলক্ষ্য।