NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ আন ঠাইৰ লগতে ডিফুটো ২৯ সংখ্যক পথ সুৰক্ষা সপ্তাহ পালন

Posted by: নংনী তেৰন April 23, 2018 10:15 pm

ৰাজ্যৰ আন কেইবাঠাইৰ লগতে কাৰ্বি আংলঙতো আজি ২৯ সংখ্যক পথ সুৰক্ষা সপ্তাহ পালন কৰা হয়। জিলা পৰিবহণ কাৰ্যালয়ৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানটোৰ উপলক্ষে উলিওৱা এক শোভাযাত্ৰা কাৰ্বি আংলঙৰ উপায়ুক্ত মৃদুল কুমাৰ মহন্তই পতাকা জোকাৰি শুভাৰাম্ভ কৰে।

ডিফু বজাৰ সমীপৰ কাৰেং বাছ আস্থানৰ পৰা আৰম্ভ কৰি ছেমছন সিং ইংতি স্মৃতি উদ্যান হৈ পুনৰ কাৰেং বাছ আস্থানত সামৰণি পৰা শোভাযাত্ৰাটোত ডিফু চৰকাৰী বালিকা উচ্চ বিদ্যালয়ৰ ছাত্ৰীসকলৰ লগতে অ’টো ৰিক্সা চালক আৰু আন বহু লোকে অংশগ্ৰহণ কৰে।

অনুষ্ঠানটোক সম্বোধন কৰি জিলাখনৰ উপায়ুক্ত মহন্তই গাড়ী চালনৰ অনুজ্ঞাপত্ৰ দিয়াৰ ক্ষেত্ৰত সাৱধান হোৱাৰ ওপৰত গুৰুত্ব দিয়ে। ইয়াৰ উপৰি ডিফু নগৰত অবৈধভাৱে কৰা পাৰকিঙে যান-জঁটৰ সৃষ্টি কৰিছে বুলি তেওঁ উল্লেখ কৰে।

আনহাতে উক্ত অনুষ্ঠানত উপস্থিত থকা পৰিবহণ তথা খাদ্য আৰু অসামৰিক বিষয়া প্ৰদীপ ডিফুছাই উপস্থিত লোকসকলক পথ দুৰ্ঘটনাৰ পৰা নিজকে বচাই ৰখাৰ উদ্দেশ্যে ট্ৰেফিক নিয়ম মানি চলিবলৈ আহ্বান জনাই।

ইয়াৰ পূৰ্বে কাৰ্বি আংলঙৰ জিলা পৰিবহণ বিষয়া সিদ্ধাৰ্থ কুমাৰ শইকীয়ায়ো পথ সুৰক্ষাৰ বাবে ট্ৰেফিক নিয়ম মানি চলাৰ প্ৰয়োজনীয়তাৰ ওপৰত বাখ্যা আগবঢ়াই।