NORTHEAST NOW (Assamese)

ৰাজ্যৰ কাঁহ-পিতল শিল্পৰ পুনৰ উজ্জীৱিতকৰণৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

January 11, 2018 7:47 pm · এন ই নাও নিউজ
অসমৰ কাঁহ-পিতল শিল্পী (প্ৰতিনিধিত্বমূলক ছবি)

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ কাঁহ-পিতল শিল্পক পুনৰুজ্জীৱিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে উদ্যোগ আৰু ক্ষুদ্ৰ, লঘু আৰু মজলীয়া প্ৰতিষ্ঠান বিভাগৰ বিষয়ববীয়াক আজি এক নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰী সোণোৱালে বিভাগটোৰ শীৰ্ষ বিষয়াসকলক শিল্পবিধৰ সৈতে জড়িত স্থানীয় লোকসকলৰ সৈতে আলোচনা কৰি এই সন্দৰ্ভত এক ৰ’দ মেপ প্ৰস্তুত কৰাৰ বাবে নিৰ্দেশ দিয়ে।

ৰাজ্যৰ পৰম্পৰাগত কাঁহ-পিতল শিল্পক পুনৰুজ্জীৱিত কৰা আৰু ইয়াৰ বিকাশ ত্বৰান্বিত কৰাৰ সন্দৰ্ভত আজি ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত আজি আয়োজিত উদ্যোগ আৰু ক্ষুদ্ৰ, লঘু আৰু মজলীয়া প্ৰতিষ্ঠান বিভাগৰ এক উচ্চস্তৰীয় বৈঠকত সোণোৱালে সভাপতিত্ব কৰে।

উক্ত বৈঠকতে আধুনিক উদ্যোগৰ বিভিন্ন কৌশলৰ সৈতে সংগতি ৰাখি থলুৱা উদ্যোগটোৰ সংৰক্ষণ আৰু বিকাশৰ বাবে ল’ব পৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয়।

বৈঠকখনত কাঁহ-পিতল শিল্পৰ সৈতে জড়িত শিল্পীসকলক আৰ্থিক লাভ অৰ্জনৰ জৰিয়তে কেনেকৈ এক স্বচ্ছল জীৱন যাপন কৰাৰ বাবে উৎসাহিত কৰিব পাৰি তাৰো আলোচনা কৰা হয়।

উল্লেখযোগ্য যে ৰাজ্যৰ কাঁহ-পিতল উদ্যোগটোৱে দীৰ্ঘদিন ধৰি ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিব লগা হৈছে।

শিল্পীসকলক স্বাস্থ্য সেৱাৰ সুবিধা দিয়াৰ বাবে আৰু কেঁচামাল আদি সমস্যাৰ ক্ষেত্ৰত সমাধান উলিয়াব পৰাকৈ তেওঁলোকৰ অসুবিধাসমূহ সম্পৰ্কে অৱগত হোৱাৰ বাবে বিষয়াসকলক ব্যৱস্থা গ্ৰহণৰ বাবেও তেওঁ লগতে নিৰ্দেশ দিয়ে।

তাৰোপৰি এইক্ষেত্ৰত আই আই টিৰ দৰে প্ৰতিষ্ঠানৰ কাৰিকৰী দিহা লোৱা আৰু উৎপাদিত সামগ্ৰীসমূহৰ আধুনিকীকৰণ আৰু নতুন ডিজাইন প্ৰস্তুত কৰাৰ বাবে কাৰিকৰী বিশেষজ্ঞৰ সৈতে আলোচনা কৰাৰ বাবেও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

তেওঁ উদ্যোগ বিভাগক আন্তঃৰাষ্ট্ৰীয় বজাৰত কাঁহ-পিতল সামগ্ৰীৰ সম্ভাৱ্য চাহিদা সম্পৰ্কে জৰীপ কৰাৰ বাবে আৰু বিশ্ব বজাৰত সামগ্ৰী সমূহে জনপ্ৰিয়তা অৰ্জন কৰাৰ বাবে স্থানীয় শিল্পীসকলৰ দক্ষতা বিকাশৰ বাবে ব্যৱস্থা ল’বলৈও নিৰ্দেশ দিয়ে।

সোণোৱালে এই প্ৰচেষ্টাত স্থানীয় শিল্পীসকলক সাঙুৰি ল’বলৈ পৰামৰ্শ দিয়ে আৰু বৈঠকত উপস্থিত থকা সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ-বিষয়াক কাঁহ-পিতল শিল্পৰ লগত জড়িতসকলৰ সৈতে আলোচনাত সমন্বয়কৰ ভূমিকা ল’বৰ বাবে নিৰ্দেশ দিয়ে।

Related News