NORTHEAST NOW (Assamese)

ৰাজ্যৰ প্ৰতিখন জিলাতে ইণ্ড্ৰাষ্টিয়েল ইষ্টেট স্থাপনৰ নিৰ্দেশ মুখ্য মন্ত্ৰী সৰ্বানন্দৰ

March 15, 2018 10:10 pm · এন ই নাও নিউজ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জনতা ভৱনৰ মুখ্য মন্ত্ৰীৰ সভাকক্ষত ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য কাম-কাজ সমূহৰ পৰ্যালোচনাৰ উদ্দেশ্যে এক বৈঠকত মিলিত হয়।

বৈঠকত মুখ্য মন্ত্ৰী গৰাকীয়ে অসম চাহ নিগম লিমিটেডক পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত জৰুৰী পদক্ষেপ লোৱাৰ বাবে উদ্যোগ আৰু বাণিজ্য বিভাগক নিৰ্দেশ দিয়ে যাতে এই প্ৰতিষ্ঠানে সন্মুখীন হৈ থকা বিত্তীয় দায়ব্ধতা হ্ৰাস কৰিব পৰা যায়।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে কীটনাশক প্ৰয়োগৰ ফলত ভূমিৰ উৰ্বৰতা হ্ৰাস সম্বন্ধে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক সজাগ কৰাৰ বাবে ব্যৱস্থা লোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ইয়াৰ অংশ স্বৰূপে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক জৈৱিক কৃষি প্ৰণালী হাতত লোৱাৰ ক্ষেত্ৰত উদ্বুদ্ধ কৰাৰ বাবে প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে উদ্যোগ আৰু বাণিজ্য বিভাগক নিৰ্দেশ দিয়ে।

আজিৰ বৈঠকতে উদ্যোগ আৰু বাণিজ্য বিভাগে আসাম ইনকুবেশ্যন হাব এই বৰ্ষৰ এপ্ৰিলৰ ভিতৰত মহানগৰীত নতুনকৈ নিৰ্মাণ কৰা গৃহত কাৰ্যক্ষম কৰা হ’ব বুলি মুখ্য মন্ত্ৰী গৰাকীক অৱগত কৰে।

আনহাতে মুখ্য মন্ত্ৰী গৰাকীয়ে এডভাণ্টেজ আছামৰ সফলতাৰ ধাৰা অব্যাহত ৰাখি ৰাজ্যৰ ৩৩ খন জিলাৰ সকলোতে একোটাকৈ ইণ্ড্ৰাষ্ট্ৰিয়েল ইষ্টেট স্থাপন কৰাৰ বাবে পদক্ষেপ ল’বলৈ বিভাগক নিৰ্দেশ দিয়ে।

ইফালে মুখ্য মন্ত্ৰী গৰাকীয়ে এডভাণ্টেজ আছামৰ ওপৰত আধাৰিত তথ্য চিত্ৰ ৰাজ্যখনৰ বিদ্যালয় আৰু মহাবিদ্যালয়ত প্ৰদৰ্শনৰ ব্যৱস্থা ল’বলৈ বিভাগক নিৰ্দেশ দিয়ে যাতে ইয়াৰ জৰিয়তে উঠি অহা প্ৰজন্ম এই দিশত অনুপ্ৰাণিত হয়।

উক্ত বৈঠকত উদ্যোগ আৰু বাণিজ্য বিভাগে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে বাৰাইনীৰ পৰা গুৱাহাটীলৈ প্ৰস্তাৱিত গেছ গ্ৰীড সংযোগৰ কামৰ বাবে সেউজ সংকেত প্ৰদান কৰিছে বুলি মুখ্য মন্ত্ৰী গৰাকীক অৱগত কৰে।

আজিৰ বৈঠকত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, উদ্যোগ আৰু বাণিজ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰ, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয়ো লোহিয়াকে ধৰি উচ্চপদস্থ বিষয়া সকল উপস্থিত আছিল।

Related News