NORTHEAST NOW (Assamese)

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো হেঁপাহৰ ৰঙালীক আদৰিবলৈ প্ৰস্তুতি

April 12, 2018 6:25 am · ৰিদীপ শৰ্মা

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো হেঁপাহৰ  ৰঙালী বিহুক লৈ উখল-মাখল পৰিবেশ। আকাশে-বতাহে বৈছে ঢোল-পেপাঁৰ গুঞ্জন। ঢোল-পেপাঁৰ মাতত আত্মহাৰা ককাঁল ঘূৰাই নাচিছে জীয়ৰী-বোৱাৰী সকলোৱে। উজনিৰ পৰা নামনিলৈ বিহুতলি-বিহুমঞ্চ কঁপাবলৈ সাজু হৈছে ৰূপালী জয়ন্তী বৰ্ষ গৰকা বিহুদল কলিয়াবৰৰ ফ্ৰেণ্ডছিফ ক্লাৱ। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৩৫ খন বিহুতলিলৈ নিমন্ত্ৰণ লাভ কৰি আনন্দিত হৈ পৰিছে বিহু দলটি।

আনহাতে কলিয়াবৰৰ আন এটা বিহু শ্ৰেষ্ঠ বিহু দল ব্ৰহ্মপুত্ৰ বিহু দলেও বিগত বৰ্ষৰ দৰে এইবাৰো ৰাইজৰ মাজত বিহু প্ৰদৰ্শনৰে মৰম বুটলিবলৈ পূৰ্ণ গতিত বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে।

কলিয়াবৰত আন এক ব্যতিক্ৰম প্ৰয়াসৰে কলিয়াবৰ আঞ্চলিক ছাত্র সন্থাই ১০০ গৰাকী নাচনী আৰু ১০ জন ঢুলীয়াৰে এক বিহু কৰ্মশালাৰ  আয়োজন কৰিছে । এইদৰে নৱ প্ৰজন্মৰ বাবে এক নতুন মঞ্চ আগবঢ়াইছে কলিয়াবৰ আঞ্চলিক ছাত্র সন্থাই।

১ ব’হাগৰ দিনা কুঁৱৰীটোল গান্ধী খেল পথাৰত কলিয়াবৰ আঞ্চলিক  ছাত্ৰ সন্থাই মুকলি বিহুৰ আয়োজন কৰিছে। উক্ত মুকলি বিহুত বিভিন্ন প্ৰান্তৰ পৰা নিমন্ত্ৰণ কৰা বিহু দল সমূহৰ লগতে কলিয়াবৰ ছাত্র সন্থাৰ তত্বাৱধানত প্ৰশিক্ষণ দিয়া ১০০ গৰাকী নাচনী আৰু ১০ জন ঢুলীয়াৰ বিশেষ বিহু দলটিৰ বিহু প্ৰদৰ্শন ব্যৱস্থা কৰিছে।

এনেদৰেই এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে কলিয়াবৰতো হেঁপাহৰ ৰঙালীক আদৰিবলৈ ৰাইজ ব্যস্ত হৈ পৰিছে।

Related News