NORTHEAST NOW (Assamese)

ৰাজ্য চৰকাৰে শীঘ্ৰে মুকলি কৰিব ‘স্বাৱলম্বন’ আৰু ‘কাৰাগাৰৰ পৰা কাৰীগৰ’ শীৰ্ষক দুখন আঁচনি

March 24, 2018 10:11 am · এন ই নাও নিউজ
চন্দ্ৰমোহন পাটোৱাৰী। ফাইল ছবি।

ৰাজ্যৰ আত্মসমৰ্পণকাৰী উগ্ৰপন্থী আৰু কাৰাবন্দীসকলৰ দক্ষতা বিকাশৰ লক্ষ্যৰেই ৰাজ্য চৰকাৰে অতি শীঘ্ৰে দুখন আঁচনি মুকলি কৰিব। শুকুৰবাৰে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এখন কৰ্মশালাত ৰাজ্যখনৰ বাণিজ্য আৰু দক্ষতা বিকাশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই কথা ঘোষণা কৰে।

তেওঁ উল্লেখ কৰি কয় যে আত্মসমৰ্পণকাৰী উগ্ৰপন্থীসকলৰ দক্ষতা বিকাশৰ বাবে ‘স্বাৱলম্বন’ আৰু কাৰাবন্দীসকলৰ দক্ষতা বিকাশৰ বাবে ‘কাৰাগাৰৰ পৰা কাৰীগৰ’ শীৰ্ষক আঁচনি দুখন অতি শীঘ্ৰে মুকলি কৰা হ’ব। লগতে মন্ত্ৰী পাটোৱাৰীয়ে কয় যে আনুষ্ঠানিক শিক্ষাতকৈও দক্ষতাৰ বিকাশৰ প্ৰযোজনীয়তা আজিৰ সমাজত বহু বেছি।

অসম দক্ষতা বিকাশ অভিযানৰ উদ্যোগত আয়োজিত কৰ্মশালাত ছিংগাপুৰৰ ইনষ্টিটিউট অৱ টেকনিকেল এডুকেশ্যনৰ লগত অসম চৰকাৰৰ এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। এই চুক্তি অনুসৰি ছিংগাপুৰত প্ৰতিষ্ঠানটোৰ দুগৰাকী প্ৰশিক্ষকে অসমৰ ৩০ গৰাকী নিৰ্বাচিত প্ৰশিক্ষকক চাৰি সপ্তাহজোৰা প্ৰশিক্ষণ প্ৰদান কৰিব।

উল্লেখ্য যে এই ৩০গৰাকী প্ৰশিক্ষকে বিভিন্ন বিষয়ত প্ৰশিক্ষণ গ্ৰহণ কৰি অসমৰ বিভিন্ন দক্ষতা বিকাশ প্ৰতিষ্ঠানত প্ৰশিক্ষণ প্ৰদান কৰিব। এই উদ্দেশ্যেৰে ৩০জন নিৰ্বাচিত ব্যক্তিক শীঘ্ৰে ছিংগাপুৰলৈ প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

আনহাতে পৰবহণ মন্ত্ৰী পাটোৱাৰীয়ে এক নতুন আঁচনিৰ কথাও উল্লেখ কৰা দেখা যায়। ‘আঞ্চলিক সংযোগ আঁচনি’ৰ অধীনত শীঘ্ৰে গুৱাহাটীৰ পৰা ছিংগাপুৰলৈ বিমানসেৱা আৰম্ভ কৰাৰ কথা উল্লেখ কৰে। ইফালে কালিৰ এই কৰ্মশালাখনত ছিংগাপুৰৰ ইনষ্টিটিউট অৱ টেকনিকেল এডুকেশ্যন সঞ্চালক লিম বুন টিয়ঙো উপস্থিত থাকে।

Related News