NORTHEAST NOW (Assamese)
অসম

ৰাভাৰ ‘বিলতে হালিছে ধুনীয়া পদুমী’ শীৰ্ষক জনপ্ৰিয় গীতৰ বিকৃতি চৰকাৰী পাঠ্যপুথিত

Posted by: এন ই নাও নিউজ June 23, 2018 9:10 pm
BishnuRabharGeet

অসম চৰকাৰৰ দ্বাৰা বিনামূলীয়াকৈ বিতৰণ কৰা আৰু অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ দ্বাৰা প্ৰকাশিত তৃতীয় শ্ৰেণীৰ পাঠ্যপুথি ‘অংকুৰণ’ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ শিশুৰ মাজত অতিকে জনপ্ৰিয় ‘বিলতে হালিছে ধুনীয়া পদুমী’ শীৰ্ষক গীতটিৰ বিকৃত ৰূপত উপস্থাপন কৰাৰ তথ্য লাভ কৰা গৈছে। সকলো শিশুৰে মুখে মুখে থকা এই জনপ্ৰিয় আৰু কালজয়ী গীতটিত চৰকাৰী পাঠ্যপুথিখনত প্ৰথম কলিটোত আছে এইদৰে-

“বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল।
সেই ফুলে ফুলে পখিলা চুমিছে
সানিছে ৰেণুৰ বোল।।”

এই কলিটোৰ তলত আঁচ থকা শব্দকেইটা ইমান দিনে মানুহৰ মুখে মুখে ‘পখিলা উৰিছে’ বুলিহে চলি আহিছে। কিন্তু পাঠ্যপুথিখনত কিয় এনেকৈ দিয়া হৈছে, এয়া মানৱীয়/ছপা ভুল নে আন কিবা বুজা নাযায়।

আনহাতে পৰৱৰ্তী কলিটোৰ আৰম্ভণিতেই ‘গছৰে ডালতে’ৰ পৰিৱৰ্তে আছে ‘ফুলৰ ডালতে’ বুলি।

ফুলৰে ডালতে গাইছে কুলিয়ে
কুউ কুউ কুউ ক’ই
আকৌ তৃতীয় কলিটিতো আছে গুৰুতৰ বিসংগতি। ইয়াত জুৰিটি নাচিছে জিৰি জিৰি জিৰি কৈৰ

দূৰ-দূৰণিতে জুৰিটি নাচিছে

তিৰ তিৰ তিৰ বিৰ’ই।
নিজান বননিত কেতেকী চৰায়ে
সুহুৰি মাৰিছে ৰ’ই ৷

এইবোৰ গুৰুতৰ বিসংগতিৰ লগতে ‘ফুলৰে ডালতে’ৰ ঠাইত ‘ফুলৰ ডালতে’, ‘নিজান বননিতে’ৰ ঠাইত ‘নিজান বননিত’ কৰি স্বৰ লহৰক মসৃণ গতি দিয়া বৈশিষ্ট্য নোহোৱা কৰিছে গীতটিৰ পৰা।

পাঠ্যপুথিখন প্ৰকাশ কৰা অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমে গীতটি বিষ্ণুৰাভা ৰচনাৱলী প্ৰকাশন সংঘই প্ৰকাশ কৰা ‘বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনা সম্ভাৰ’ৰ প্ৰথম খণ্ডটোৰ পৰা তুলি দিয়া হৈছে বুলি উল্লেখ কৰিয়েই দায় সাৰিছে।

আনহাতে গৌতম শৰ্মা নামৰ এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এই বিষয়টো ছ’চিয়েল মিডিয়াত দাঙি ধৰি কয়, “আমি বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনাৱলীখনো চালোঁ; গীতটি তাতো তেনেদৰেই আছে৷”

গৌতম শৰ্মাই কয়, “যিটো গীত আমি অতদিনে শুনি আহিছোঁ অন্য এভাগে, যিটো গীত বিষ্ণু প্ৰসাদ ৰাভাই নিজেই ৰচনা আৰু সুৰ কৰি বাণীবদ্ধ কৰিবলৈ যত্ন কৰিছিল; সেই গীতটিক এনেকৈ বিকৃত ৰূপত বিষ্ণু প্ৰসাদ ৰাভা ৰচনাৱলীৰ প্ৰকাশন সংঘৰ দ্বাৰা কিয় প্ৰকাশ কৰা হ’ল?”

তেওঁ লগতে কয়, “কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গীতটি তৃতীয় শ্ৰেণীৰ পাঠ্যপুথিখনত তুলি দিয়াৰ আগতে পাঠ্যপুথি প্ৰকাশন গোষ্ঠীটোৰ কৰ্মীসকলে গীতটো এবাৰো কিয় ভালদৰে পঢ়ি নাচালে? নে তেখেতসকলৰ কোনোৱেই এই গীতটি আজিলৈকে শুনাই নাই নেকি?”
তেওঁ এই গুৰুতৰ ত্ৰুটিটো সন্দৰ্ভত বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰিয়ালৰ সৈতে কথা পতা বুলি কৈ কয় যে পৰিয়ালৰ লোকসকলে ইয়াত আশ্চৰ্য প্ৰকাশ কৰিছে। এই যোগাযোগৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাই প্ৰকাশক সৰ্বেশ্বৰ বৰাৰ সৈতে কথা পাতিছিল বুলি তেওঁক জনাইছে৷ হেমৰাজ ৰাভাই জনোৱামতে কিতাপখন পুনৰ সংস্কৰণ এতিয়ালৈকে প্ৰকাশ নোপোৱাত শুধৰণি কৰিব পৰা হোৱা নাই বুলি বৰাই জানিবলৈ দিছে৷

আনহাতে কন্দৰ্প কপৌ নামৰ এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এই বিষয়টো তেওঁৰ দেউতাকে বাতৰি কাকতত লিখাৰ লগতে শিক্ষা মন্ত্ৰীকো পত্ৰ যোগে লিখিছিল বুলি দাবী কৰে। তাৰ পিছতো একো ফল নধৰিল বুলি তেওঁ কয়।

ডাঙৰ প্ৰশ্নটো হ’ল অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ দায়িত্ববাহী বিষয়া, পাঠ্যপুথি সম্পাদনা সমিতিৰ লোকসকলৰ এই অজ্ঞতা আৰু অনুভূতিহীনতাক কি বুলি ক’ব পৰা যায়?