NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু ছিকিমৰ শৰীৰ চৰ্চা আৰু ভাৰত্তোলক দল

March 20, 2018 8:24 pm · সাগৰ চেত্ৰী

বডি বিল্ডিং এণ্ড পাৱাৰ লিফটিং এছোচিয়েশ্যন অৱ ছিকিমৰ এটা ৪ জনীয়া গোটে মহাৰাষ্ট্ৰৰ পুনেত ২৩ৰ পৰা ২৫মাৰ্চলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া একাদশ মি: ইণ্ডিয়া ছিনিয়ৰ মেন’ছ এণ্ড উইমেন’ছ বডি বিল্ডিং আৰু ষষ্ঠ মেন’ছ এণ্ড উইমেন’ছ ফিজিক স্পৰ্টছ নেশ্যনেল চেম্পিয়নশ্বিপ ২০১৮ ত ছিকিমক প্ৰতিনিধিত্ব কৰিব।
প্ৰতিযোগিতাত যোগদান কৰাৰ বাবে দলটোৱে ২২ মাৰ্চত ৰাওনা হ’ব বুলি জানিব পৰা গৈছে।
ছিকিমৰ ৰাজ্যিক দলটোৰ শৰীৰ চৰ্চা প্ৰতিযোগিতাৰ শাখাত আছে পেমা ডব্লিউ ডি ভুটীয়া, শুভম কুমাৰ প্ৰসাদ আৰু হিছে নামগ্যাল আৰু দেহশ্ৰী প্ৰতিযোগিতা শাখাত আছে ৰোমাৰিঅ’ গ্যাৎছো ভুটীয়া।
বীৰেন্দ্ৰ সিঙে প্ৰশিক্ষক আৰু ব্যৱস্থাপক হিচাপে দলটোৰ সৈতে থাকিব। উক্ত প্ৰতিযোগীসকলে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।
মঙলবাবে গেংটকত এখন সংবাদমেলত বডি বিল্ডিং এণ্ড পাৱাৰ লিফটিং এছোচিয়েশ্যন অৱ ছিকিমৰ সভাপতি সঞ্জয় চেত্ৰীয়ে কৈছে যে বডি বিল্ডিং এণ্ড পাৱাৰ লিফটিং এছোচিয়েশ্যন অৱ ছিকিমক এবছৰ পূৰ্বে গঠন কৰা হৈছিল আৰু এয়া পোন প্ৰথমবাৰৰ বাবে এছেচিয়েশ্যনটোৱে দল এটাক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতালৈ প্ৰেৰণ কৰিছে।
তেওঁ জনাইছে যে স্থানীয় শৰীৰ চৰ্চাকাৰীসকলক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতালৈ প্ৰতি বছৰ প্ৰেৰণ কৰাৰ বাবে উৎসাহ আৰু পৃষ্ঠপোষকতা কৰিব।
বডি বিল্ডিং এণ্ড পাৱাৰ লিফটিং এছোচিয়েশ্যন অৱ ছিকিমক ইণ্ডিয়ান বডি বিল্ডাৰ’ছ ফেডাৰেশ্যনৰ স্বীকৃতি প্ৰদান কৰিছে।ইণ্ডিয়ান বডি বিল্ডাৰ’ছ ফেডাৰেশ্যনক য়ুৱ পৰিক্ৰমা আৰু ক্ৰীড়া আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধীকৰণে স্বীকৃতি প্ৰদান কৰিছে।
খেলুৱৈ দলটোৱে আশা কৰিছে যে তেওঁলোকে ৰাজ্যখনলৈ পদক আনিবলৈ সক্ষম হ’ব।

Related News