NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰিৰ স্বীকৃতি ছিকিমৰ দুগৰাকী মহিলা ফুটবল ৰেফাৰিলৈ

April 9, 2018 10:11 pm · সাগৰ চেত্ৰী

সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যন আৰু এছিয়ান ফুটবল ক’নফেডাৰেশ্যনে ছিকিমৰ দুগৰাকী মহিলা ৰেফাৰিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ  পূৰ্ণ মৰ্য্যাদাৰ ৰেফাৰিৰ স্বীকৃতি প্ৰদান কৰিছে।

ৰেশ্মী চেত্ৰী আৰু ফুৰ্কিত লামু ভূটীয়া নামৰ মহিলা ৰেফাৰি দুগৰাকীয়ে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ দ্বিতীয় শ্ৰেণীৰ ৰেফাৰিৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাৰ বাবে তেওঁলোকলৈ এই স্বীকৃতি আগবঢ়োৱা হৈছে।

ইয়াৰে, পূব ছিকিম জিলাৰ পাংথাঙৰ বাসীন্দা ৰেশ্মী চেত্ৰী এগৰাকী চৰকাৰী কৰ্মচাৰী হোৱাৰ বিপৰীতে একেখন জিলাৰে ভুছুকৰ বাসীন্দা ফুৰ্কিত লামু ভূটীয়াই বৰ্তমান গুজৰাটৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নিযুক্ত হৈ আছে।

উল্লেখযোগ্য যে দুয়োগৰাকী ৰেফাৰিয়ে নতুন দিল্লীত ২০১৪ চনৰ ১৭-২১ নবেম্বৰলৈ অনুষ্ঠিত ‘ফিফা মেম্বাৰ এছ’চিয়েশ্যন’ পাঠ্যক্ৰমত অংশ গ্ৰহণ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ ২০১৫ চনৰ ১০-১৬ ছেপ্তেম্বৰলৈকে নতুন দিল্লীত অনুষ্ঠিত দ্বিতীয় লানি ফিফা মেম্বাৰ এছ’চিয়েশ্যন পাঠ্যক্ৰমত অংশ ল’বলৈ নিৰ্বাচিত হৈছিল।

ইয়াৰ উপৰি গুজৰাটৰ গান্ধী নগৰত ২০১৪ চনৰ ২৩-২৫ ডিচেম্বৰলৈকে অনুষ্ঠিত ‘প্ৰজেক্ট ফিউচাৰ ইণ্ডিয়া’ত ভাগ লৈছিল।

ৰেফাৰি দুগৰাকীৰ এই সাফল্যত ছিকিম ফুটবল সংস্থাৰ সভাপতি মেনলা এঠেনপাই তেওঁলোকক অভিনন্দন জনাইছে।

Related News