ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ২০১৭ত উজলিল অসমৰ বৰ্ষা গগৈ
Posted by: অভিক চক্ৰবৰ্তী
January 1, 2018 9:04 pm

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগে আয়োজন কৰা ২৫ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ-২০১৭ত অসমৰ বৰ্ষা গগৈৰ প্ৰকল্পই শীৰ্ষ ১৫ টা বিজ্ঞান প্ৰকল্পৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। চাবুৱাৰ আমগুৰি মোৰ্হনি গাৱঁৰ নিবাসী অজয় গগৈ আৰু ৰূপজ্যোতি গগৈৰ কন্যা বৰ্ষা গগৈ চাবুৱাৰ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰণীৰ ছাত্ৰী।জিতু প্ৰসাদ গগৈৰ নেতৃত্বত বৰ্ষা গগৈ আৰু তেওঁৰ সহযোগী অংশুমান দত্ত, জিন্তু গগৈ, ম্ৰিন্ময় গগৈ, গীতাৱলি গগৈয়ে সাজি উলিওৱা প্ৰকল্পটোৰ বিষয় হৈছে ‘ বিষেশ ভাবে সক্ষম লোকৰ বাবে এটা অধ্যয়ন কেন্দ্ৰৰ উদ্ভাৱন’। উল্লেখযোগ্য যে ২৭ৰ পৰা ৩১ ডিচেম্বৰলৈ আহমেদাবাদৰ বিজ্ঞান নগৰীত অনুষ্ঠিত উক্ত সমাৰোহখনত বৰ্ষা গগৈ আৰু তেওঁৰ দলৰ প্ৰকল্পটোৱে মুঠ ৬৩৮ প্ৰকল্পৰ পৰা নিৰ্বাচিত হৈ শ্ৰেষ্ঠ ১৫ প্ৰকল্পৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হয়। আনহাতে ৰাজ্য তথা জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা শিশু বিজ্ঞানী দলটোৰ লগতে তেওঁলোকক নেতৃত্ব দিয়া জিতু প্ৰসাদ গগৈ আৰু বৰ্ষা গগৈৰ শিক্ষক গৰিমা দত্তক ডিব্ৰুগড় জিলা উদ্যোক্তা সমিতিয়ে সম্বৰ্ধনা জনায়।
You may also like
অসম
বিজেপিৰ ‘সংকল্প’ৰ পাছতে দিল্লীত তৎপৰ আছু-নেছ’
পুনৰ শাসনলৈ আহিলেই বিতৰ্কিত নাগৰিকত্ব বিধেয়ক গৃহীত কৰিব বুলি আসন্ন লোকসভা নিৰ্বাচনৰ ইস্তাহাৰত বিজেপিয়ে ৰাষ্ট্ৰীয় সংকল্প লোৱাৰ পাছতে ইয়াৰ বিৰুদ্ধে নতুন দিল্লীত…
অনিৰ্বাণ পাঠক · April 10, 2019 8:11 pm
অসম
১০০ শতাংশ ট্ৰেক্টৰ বিজেপি কৰ্মীৰ বাবে : মন্ত্ৰী পীযুষৰ মন্তব্যত জাঙুৰ খাই উঠিছে জাগীৰোডৰ কৃষক
মঙলবাৰে বিজেপিৰ যুৱমৰ্চাৰ সভাত মন্ত্ৰী পীযুষ হাজৰিকাই কৰা এক মন্তব্যক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মন্ত্ৰীজনৰ নিজ সমষ্টি জাগীৰোডৰ লগতে মৰিগাওঁ…
অনিৰ্বাণ পাঠক · July 5, 2018 8:11 am
অসম
ছাত্ৰৰ আত্মহত্যাক লৈ এতিয়াও উত্তপ্ত শিলচৰ NIT: ৰাষ্ট্ৰপতিলৈ পত্ৰ শিক্ষাৰ্থীৰ
কেম্পাছত এগৰাকী ছাত্ৰৰ আত্মহত্যাৰ ঘটনাক লৈ উত্তেজনা অব্যাহত আছে শিলচৰস্থিত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (NIT)ত। এই উত্তেজনাৰ মাজতে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানটোৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰপতি…
এন ই নাও নিউজ, গুৱাহাটী · September 20, 2023 8:32 am
অসম
নিজ সমষ্টিত অনাহুত পৰিস্থিতিৰ সন্মুখীন বিধায়ক শ্বেৰমান : সভা ত্যাগ কৰিবলৈ বাধ্য কৰালে ছাত্র ছাত্ৰীয়ে
পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব যোৱা বাঘবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদে নিজ সমষ্টিতে আজি অনাহক পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া…
পুলেন্দ্ৰ দাস · November 29, 2018 8:45 pm