NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ ‘সংকল্প’ৰ পাছতে দিল্লীত তৎপৰ আছু-নেছ’

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক April 10, 2019 8:11 pm
Citizenship bill: AASU-NESO leaders meet JD (U)'s national general secretary

পুনৰ শাসনলৈ আহিলেই বিতৰ্কিত নাগৰিকত্ব বিধেয়ক গৃহীত কৰিব বুলি আসন্ন লোকসভা নিৰ্বাচনৰ ইস্তাহাৰত বিজেপিয়ে ৰাষ্ট্ৰীয় সংকল্প লোৱাৰ পাছতে ইয়াৰ বিৰুদ্ধে নতুন দিল্লীত তৎপৰ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ-পূব ছাত্ৰ সংগঠন।

ইয়াৰ পাছতেই ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আৰু সভাপতি দীপাংক কুমাৰ নাথে দিল্লীলৈ গৈ ৰাষ্ট্ৰীয় পৰ্য্যায়ত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলাৰ বাবে পদক্ষেপ হাতত লৈছে।

ভট্টাচাৰ্য্য আৰু নাথে সদৌ অসম ছাত্ৰ সন্থা আৰু নেছ’ৰ হৈ বুধবাৰে নতুন দিল্লীত বিহাৰৰ শাসনাধিষ্ঠ জনতা দল (য়ুনাইটেড)ৰ মুখ্য সাধাৰণ সম্পাদক তথা ৰাষ্ট্ৰীয় মুখপাত্ৰ কে চি ত্যাগীক সাক্ষাৎ কৰি বিধেয়কখনৰ বিৰোধিতাৰ বাবে দলটোৰ সহায় বিচাৰে।

উল্লেখ্য যে জে ডি (য়ু)এ পূৰ্বৰে পৰা বিধেয়কবিৰোধী স্থিতিত অটল আছে। আছু তথা নেছ’ৰ প্ৰতিনিধিৰে হোৱা সাক্ষাতত কে চি ত্যাগীয়ে জে ডি (য়ু)এ পূৰ্বৰ দৰেই বিধেয়কৰ বিৰোধিতা কৰি যাব বুলি মন্তব্য কৰাৰ কথা আছুৰ উপদেষ্টা সমুজ্বল ভট্টাচাৰ্য্যই জানিবলৈ দিয়ে।

ভট্টাচাৰ্য্যই লগতে কয় ‘জে ডি (য়ু)এ ৰাজপথৰ পৰা সংসদলৈ বিধেয়কবিৰোধী আন্দোলন লৈ যোৱাত ভূমিকা ল’ব বুলি কে চি ত্যাগীয়ে আমাৰ আগত কথা দিছে’।

ইপিনে দলটোৱে লোকসভা নিৰ্বাচনৰ বাবে অহা ১৪ এপ্ৰিলত প্ৰকাশ কৰিবলগীয়া দলৰ ৰাষ্ট্ৰীয় ইস্তাহাৰতো বিধেয়কৰ বিৰোধিতাৰ প্ৰসংগ উত্থাপন কৰিব বুলিও আছু-নেছ’ৰ নেতৃত্বক আশ্বাস দিয়ে।

ইয়াৰ পূৰ্বেও দলটোৱে ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল। কোনো কাৰণতেই বিধেয়কখন গৃহীত হ’বলৈ দিয়া নহ’ব বুলি দলৰ মুৰব্বী তথা বিহাৰৰ মুখ্য মন্ত্ৰী নীতীশ কুমাৰেও স্পষ্ট ঘোষণা কৰিছিল।

এতিয়া বিজেপিৰ নাগৰিকত্ব বিধেয়ক গৃহীত কৰাৰ পক্ষত দৃঢ় স্থিতিৰ বিপৰীতে ‘অসম তথা উত্তৰ-পূবৰ খিলঞ্জীয়া বিৰোধী’ বিধেয়কখন প্ৰতিহত কৰিবলৈ আছু-নেছ’ই লোৱা পদক্ষেপ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।