NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ২০১৭ত উজলিল অসমৰ বৰ্ষা গগৈ

January 1, 2018 9:04 pm · অভিক চক্ৰবৰ্তী
Updated: January 1, 2018 9:19 pm
ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগে আয়োজন কৰা ২৫ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ-২০১৭ত অসমৰ বৰ্ষা গগৈৰ প্ৰকল্পই শীৰ্ষ ১৫ টা বিজ্ঞান প্ৰকল্পৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। চাবুৱাৰ আমগুৰি মোৰ্হনি গাৱঁৰ নিবাসী অজয় গগৈ আৰু ৰূপজ্যোতি গগৈৰ কন্যা বৰ্ষা গগৈ চাবুৱাৰ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰণীৰ ছাত্ৰী।জিতু প্ৰসাদ গগৈৰ নেতৃত্বত বৰ্ষা গগৈ আৰু তেওঁৰ সহযোগী অংশুমান দত্ত, জিন্তু গগৈ, ম্ৰিন্ময় গগৈ, গীতাৱলি গগৈয়ে  সাজি উলিওৱা প্ৰকল্পটোৰ বিষয় হৈছে ‘ বিষেশ ভাবে সক্ষম লোকৰ বাবে এটা অধ্যয়ন কেন্দ্ৰৰ উদ্ভাৱন’। উল্লেখযোগ্য যে ২৭ৰ পৰা ৩১ ডিচেম্বৰলৈ আহমেদাবাদৰ বিজ্ঞান নগৰীত অনুষ্ঠিত উক্ত সমাৰোহখনত বৰ্ষা গগৈ আৰু তেওঁৰ দলৰ প্ৰকল্পটোৱে মুঠ ৬৩৮ প্ৰকল্পৰ পৰা নিৰ্বাচিত হৈ শ্ৰেষ্ঠ ১৫ প্ৰকল্পৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হয়। আনহাতে ৰাজ্য তথা জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা শিশু বিজ্ঞানী দলটোৰ লগতে তেওঁলোকক নেতৃত্ব দিয়া জিতু প্ৰসাদ গগৈ আৰু বৰ্ষা গগৈৰ শিক্ষক গৰিমা দত্তক ডিব্ৰুগড় জিলা উদ্যোক্তা সমিতিয়ে সম্বৰ্ধনা জনায়।

Related News