NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় হকী চেম্পিয়নশ্বিপ ২০১৮ৰ খিতাপ দখল পাঞ্জাব নেশ্যনেল বেংকৰ

January 22, 2018 2:44 pm · এন ই নাও নিউজ
Updated: January 22, 2018 3:24 pm

ইম্ফলত অনুষ্ঠিত বি ডিভিজন ছিনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় হকী চেম্পিয়নশ্বিপ ২০১৮ত পাঞ্জাব নেশ্যনেল বেংকে খিতাপ দখল কৰে।

দেওবাৰে ইম্ফলৰ খুমান লাম্পাট অস্ত্ৰ তাৰফ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলত পাঞ্জাব নেশ্যনেল  বেংকে তেওঁলোকৰ প্ৰতিদ্বন্দ্বী কানাড়া বেংকক ২-০ গ’লত পৰাস্ত কৰে।

পাঞ্জাব নেশ্যনেল বেংকৰ হৈ ক্ৰমে সুখজিত সিং আৰু দালাল সতেন্দৰে ৩৮ আৰু ৫৭ মিনিটত একোটাকৈ গ’ল দিয়ে।

লক্ষণীয় যে দেশৰ মুঠ ৩২ টা হকী দলে অংশ লোৱা প্ৰতিযোগিতাখনত ঘৰুৱা দল মণিপুৰ আৰু চুবুৰীয়া ৰাজ্য অসমৰ দলকেইটা কোৱাৰ্টাৰ ফাইলেনত উপনীত হোৱাত বিফল হয়।

আনপিনে সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ ৰাজ্যখনৰ শিক্ষা তথা শ্ৰম মন্ত্ৰী ৰাধেশ্যাম সিঙে হকী খেলত ৰাজ্যখনৰ গৌৰৱময় ইতিহাসক সুঁৱৰে। উল্লেখযোগ্য যে মণিপুৰৰ প্ৰথমগৰাকী অলিম্পিক খেলুৱৈ পি নীলকমলে ১৯৮৪ চনত লছ এঞ্জেলছত অনুষ্ঠিত অলিম্পিকত ভাৰতীয় হকী দলৰ গ’ল কীপাৰ আছিল।

অনুষ্ঠানটোত ভাৰতীয় হকীৰ ট্ৰেজাৰাৰ তপন কুমাৰ দাস, যুৱ পৰিক্ৰমা তথা ক্ৰীড়া সঞ্চালক এন প্ৰবীণ, ববিনা হেল্থ কেয়াৰ এণ্ড ইণ্ড্ৰাষ্ট্ৰীজৰ সঞ্চালক ড০ থ ধাবালিকে ধৰি ক্ৰীড়াক্ষেত্ৰ বহু উচ্চপদস্থ বিষয়া উপস্থিত আছিল।

Related News