NORTHEAST NOW (Assamese)

মূৰৰ ঘাম মাটিত পেলাই পৰিশ্ৰম কৰা ৰিক্সাচালকে স্থাপন কৰিলে ৯খনকৈ বিদ্যালয়

March 24, 2018 10:51 am · শিবাশীষ চক্ৰবৰ্তী
Updated: March 24, 2018 10:52 am

পেটে-ভাতে খাই থকা বৰাক উপত্যকাৰ পাথাৰকান্দিৰ এজন ৰিক্সাচালকে সমাজৰ বাবে অসমান্য বৰঙণি আগবঢ়াই অলপতে বিখ্যাত হৈ পৰিছে । আহমেদ আলী নামৰ ৰিক্সাচালকজনে ৰিক্সা চলাই সংসাৰ চলোৱাৰ লগে লগে নিজৰ সাঁচতীয়া ধনখিনিৰে কেইবাখনো বিদ্যালয় স্থাপন কৰিছে।

বৃহস্পতিবাৰে হঠাতে আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়লৈকে এটা ফোন আহে। সেই ফোনটো আহিছিল ভাৰতৰ প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা। আৰক্ষীৰ অধীক্ষকজনৰ পৰা প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে আহমেদ আলীয়ে সঁচাকৈয়েই ইমান কেইখন বিদ্যালয় স্থাপন কৰিছে নেকি সেই কথা জানিব বিচাৰে।

আৰক্ষী অধীক্ষকজনে এই তথ্যখিনিৰ সত্যাসত্যৰ বুজ লৈ সেই কথা যে সত্য তাক প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ক অৱগত কৰে।

প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা  স্থানীয় বিধায়ক কৃষ্ণেন্দু পলকো ফোন কৰা হয়।

বিধায়ক পলে কয় যে পাথাৰকান্দি তথা কৰিমগঞ্জ জিলাৰ বাসিন্দা হিচাপে আহমেদ আলীৰ কৃতিত্বক লৈ তেওঁ অত্যন্ত গৰ্বিত। বিধায়ক পলে মন্তব্য কৰে যে আলীৰ এই মহান কামৰ বাবে এটি সুন্দৰ স্বীকৃতিয়ে তেওঁলৈ বাবে বাট চাই আছে । বিধায়কগৰাকীয়ে আৰু  কয় যে তেওঁ আলীয়ে স্থাপন কৰা বিদ্যালয়সমূহ ব্যক্তিগতভাৱে ভ্ৰমণ কৰিছে আৰু সেই সমূহলৈ আৰ্থিক সহায়তা আগবঢ়াইছে।

বিদ্যালয় স্থাপন কৰাৰ বাবে মনত যি আন্তৰিক সদিচ্ছা সেই সন্দৰ্ভত আলীয়ে কয় যে আল্লাহৰ পৰা অহা এটা বিশেষ বাণী তেওঁৰ অন্তৰত ধ্বনিত হৈ তেওঁক বিদ্যালয় স্থাপন কৰাৰ বাবে উৎসাহিত কৰিছিল। তেওঁ আৰু কয় যে তেওঁৰ এই কামক চৰকাৰে যি উৎসাহ উদ্দীপনা দিলে সিয়ে তেওঁক বিশেষ সন্তুষ্টি প্ৰদান কৰিছে। আলীয়ে জনাইছে যে আমেৰিকা আৰু ব্ৰিটেইনকে ধৰি বিদেশৰ বহুতো ঠাইৰ পৰা ফোন কল কৰি বহু জনে তেওঁৰ ভূয়সী প্ৰশংসা কৰিছে।

উল্লেখযোগ্য যে আলীয়ে আজিকোপতি ৯খন বিদ্যালয় স্থাপন কৰিছে আৰু তাৰে কিছুমান ইতিমধ্যে প্ৰাদেশিকীকৰণো হৈছে।

Related News