NORTHEAST NOW (Assamese)
Popular Stories

১০০ বছৰ আটাইতকৈ বৃহৎ অৰ্থনৈতিক সংকট কোভিড : RBIৰ গভৰ্ণৰ শক্তিকান্ত দাস

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 11, 2020 6:32 pm
shaktikanta-das

সমগ্ৰ বিশ্বই ক’ৰ’নাতংকত ত্ৰস্তমান।

এই ক’ৰ’নাতংকই বিশ্বৰ উন্নত দেশসমূহৰো অৰ্থনীতি বিধ্বস্ত প্ৰায় কৰি পেলাইছে।

ক’ৰ’না সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ বিশ্বতে চলিছে ল’কডাউন।

ল’কডাউনৰ ফলত বিশ্বৰ প্ৰায়বোৰ ৰাষ্ট্ৰৰেই উদ্যোগ প্ৰতিষ্ঠানসমূহ বন্ধ হৈ আছে। ফলত সমগ্ৰ বিশ্বতে কোটি কোটি লোকে কৰ্ম সংস্থাপন হেৰুৱাই পেলাইছে।

ক’ৰ’না সংক্ৰমণে ভাৰতৰো অৰ্থনীতিক বিধ্বস্ত কৰি পেলাইছে।

তাৰেই প্ৰতিফলন ঘটিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ ভাষ্যত।

উল্লেখ্য যে, চৰকাৰে দেশৰ ক্ষুদ্ৰ আৰু মধ্যম বৰ্গীয় উদ্যোগসমূহ ৰক্ষাৰ বাবে কেবালানিও আৰ্থিক পেকেজ ঘোষণা কৰিছে যদিও ক’ৰ’নাৰ ভয়াৱহতা অব্যাহত থকাৰ ফলত দেশৰ উদ্যোগ প্ৰতিষ্ঠানসমূহ ঠন ধৰি উঠিব পৰা নাই।

তেনে সময়তে শনিবাৰে RBIৰ গভৰ্ণৰ শক্তিকান্ত দাসে এক সংবাদ মেলত দেশৰ অৰ্থনীতিৰ দুৰাৱস্থা দীৰ্ঘম্যাদী হোৱাৰ ইঙ্গিত প্ৰদান কৰিছে।

“কোভিড-১৯ বিগত এশ বছৰৰ আটাইতকৈ ডাঙৰ স্বাস্থ্য আৰু অৰ্থনৈতিক সংকট।” দেশৰ বৃহত্তম ৰাষ্ট্ৰায়ত্ত বেংক ষ্টেট বেংক অৱ ইণ্ডিয়া(SBI)ৰ সপ্তম বেংকিং এণ্ড ইক’নমিক কনক্লেভৰ ভাচুৰ্ৱেল অনুষ্ঠানত শক্তিমান দাসে এইদৰে কয়।

“এই বিষয়ে কোনো দ্বিমত নাই যে কোভিড১৯এ গোটেই বিশ্বৰ আৰ্থ-সামাজিক পৰিস্থিতিত গভীৰ প্ৰভাৱ পেলাইছে।” দাসে লগতে কয়।

গভৰ্ণৰ দাসৰ মতে বিশ্বৰ অৰ্থনীতি ব্যৱস্থাক নতুন পৰীক্ষাৰ সন্মুখীন কৰাইছে এই মহামাৰী ক’ৰ’নাই।

এই মহামাৰীৰ সময়ত ৰিজাৰ্ভ বেংকে দেশৰ অৰ্থনৈতিক বৃদ্ধিত সৰ্বাধিক প্ৰাধান্য দিব বুলিও মন্তব্য কৰে গভৰ্ণগৰাকীয়ে।