NORTHEAST NOW (Assamese)
অসম

কোভিড প’জিটিভ ৰোগীক ঘৰতে পাৰিব ৰাখিব; হিমন্ত বিশ্ব শৰ্মাই বান্ধি দিলে চৰ্ত

Posted by: কল্পজ্য়োতি শইকীয়া Updated by: কল্পজ্য়োতি শইকীয়া July 11, 2020 6:24 pm
index.jpg22

হিমন্তৰ ঘোষণা: চাৰিটা চৰ্ত মানিলে আপুনি কোভিড ৰোগী হ’লেও থাকিব পাৰিব ঘৰত

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত সম্বোধন কৰা সংবাদমেলত ঘৰত থাকিব বিচৰা কোভিড ৰোগী সকলক চাৰিটা চৰ্ত বান্ধি দিছে ।

উক্ত চৰ্ত চাৰিটা যদিহে ৰোগী সকলে মানি চলে তেন্তে তেওঁলোক ঘৰতে থাকিব পাৰিব বুলিও স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে কয়।

মন্ত্ৰী শৰ্মাই বান্ধি দিয়া চৰ্ত চাৰিটা হ’ল-

১) ফ্লেটৰ কাৰো আপত্তি থাকিব নোৱাৰিব বা ওচৰ চুবুৰীয়াৰ কাৰো আপত্তি থাকিব নোৱাৰিব।

২) ৰোগী গৰাকীৰ ঘৰত বৃদ্ধ মাক দেউতাক বা বৃদ্ধ লোক থাকিব নোৱাৰিব।

৩) ৰোগীজনৰ লগত একোজন প্ৰাইভেট ডাক্তৰ থাকিব লাগিব। তেওঁ তিনিঘণ্টাৰ মূৰে মূৰে উশাহ নিশাহত অক্সিজেনৰ পৰিমাণ জুখিব লাগিব।

৪) ২৪ ঘণ্টা এজন ড্ৰাইভাৰ আৰু ৰোগীগৰাকীক জৰুৰী অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰাবলৈ এখন বাহন মজুত থাকিব লাগিব।

স্বাস্থ্য বিভাগৰ লগত এই চাৰিটা চৰ্ত মানি চলিব বুলি চুক্তি স্বাক্ষৰ কৰিব লাগিব বুলি হিমন্তই সংবাদমেলত জনায়।