NORTHEAST NOW (Assamese)
অসম

উদ্বেগজনক পৰিস্থিতি! দেশত যোৱা ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত ১ লাখ ৩১হাজাৰ; মৃত্যু ৭৮০জনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 9, 2021 12:14 pm
Health-workers-750x375

দেশত কৰ’না আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। দৈনিক আক্ৰান্তৰ সংখ্যা ক্ৰমশ বৃদ্ধি পাই অহাৰ লগে লগে এইবাৰ মৃত্যুৰ সংখ্যাও চিন্তাজনকভাৱে বৃদ্ধি পোৱা দেখা গৈছে।

শুকুৰবাৰে দেশত এই বছৰত দৈনিক মৃত্যুৰ সংখ্যাই নতুন অভিলেখ গঢ়িলে।

শুকুৰবাৰে পুৱাই কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে দাঙি ধৰা তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত ১লাখ ৩১হাজাৰ ৯৬৮জন লোক কৰ’নাত আক্ৰান্ত হৈছে। এই সংখ্যা পূৰ্বৰ দিৰ তুলনাত ৫হাজাৰ অধিক।

এতিয়ালৈকে দেশত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে ১ কোটি ৩০লাখ ৬০হাজাৰ ৫৪২জন। সেইদৰে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত মুঠ মৃত্যুৰ সংখ্যা হৈছেগৈ ১লাখ ৬৭হাজাৰ ৬৪২জন।

যোৱা ২৪ ঘন্টাত দেশত ৭৮০জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে।

আনহাতে, বিগত ২৪ ঘন্টাত দেশত ৬১হাজাৰ ৮৯৯জন লোক কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে। সেইদৰে, দেশত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ৯লাখ ৭৯হাজাৰ ৬০৮জনলৈ বৃদ্ধি পাইছে।

দেশত এতিয়ালৈকে মুঠ ১ কোটি ১৯লাখ ১৩হাজাৰ ২৯২জন লোক কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে।

ইপিনে, দেশত এতিয়ালৈকে মুঠ ৯কোটি ৪৩লাখ ৩৪হাজাৰ ২৬২জনে ভেকচিন লাভ কৰিছে।

ৰাজ্যসমূহৰ ভিতৰত যোৱা ২৪ ঘন্টাত অকল মহাৰাষ্ট্ৰতেই প্ৰায় ৬০হাজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছে।

বৃহস্পতিবাৰে কৰ’না পৰিস্থিতি মোকাবিলাৰ বিষয়টো লৈ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত বহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীয়ে কৰ’নাক লৈ মানুহ উদাসীন হৈ পৰাত উদ্বেগ ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে সম্পূৰ্ণ লকডাউনৰ কথা চিন্তা কৰা নাই যদিও কৰ’না কাৰ্ফিউৰ পৰামৰ্শ দিছে।