NORTHEAST NOW (Assamese)
Popular Stories

ফেচবুকৰ পাছত এইবাৰ হেকাৰৰ কবলত ‘লিংকডইন’, হেক হ’ল ৫০০ মিলিয়ন একাউণ্ট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 9, 2021 12:48 pm

শেহতীয়াকৈ ফেচবুকৰ ৫৩ কোটিৰো অধিক ব্যৱহাৰকাৰীৰ প্ৰফাইল হেক হোৱাৰ বাতৰি উলোৱাৰ পাছত মাইক্ৰচফটৰ অধীনস্থ চছিয়েল নেটৱৰ্কিং চাইট লিংকডইন (LinkedIn)-ও চাইবাৰ ক্ৰিমিনেলৰ গ্ৰাসত পৰিছে।

চাইটটোৰ ৫০০ মিলিয়ন ব্যৱহাৰীৰ প্ৰফাইল আৰু ব্যক্তিগত তথ্যসমূহ হেক হৈছে।

‘চাইবাৰ নিউজ’ নামৰ চাইটটোৰ মতে, ই এক গভীৰ ষড়যন্ত্ৰ।

ব্যৱহাৰকাৰীসকলৰ হেক হোৱা তথ্যসমূহ হৈছে ই-মেইল আইডি, ফোন নাম্বাৰ, কৰ্মস্থানৰ তথ্য, সম্পূৰ্ণ নাম, একাউণ্টসমূহৰ আইডি, সামাজিক মাধ্যমৰ একাউণ্টসমূহৰ তথ্য আৰু অন্যান্য।

নেটৱৰ্কিং চাইটটোৰ এজন মুখপাত্ৰই এই বাতৰিটো স্বীকাৰ কৰি কৈছে ৫০০ মিলিয়ন ব্যৱহাৰকাৰীৰ প্ৰফাইল হেক হোৱাটো সঁচা।

‘বিজনেছ ইনচাইডাৰ’ (Business Insider) নামৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউজ চাইটটোক তেওঁ কয় যে বিষয়টো লৈ তেওঁলোকে অনুসন্ধান চলাই আছে।

তদুপৰি তেওঁলোকে ব্যৱহাৰকাৰীসকলৰ তথ্যসমূহ সুৰক্ষিত ৰাখিবলৈ প্ৰচেষ্টা অব্যাহত ৰখা বুলিও জনায়।

আনহাতে, তেওঁলোকে কৈছে যে কেৱল চাইটটোৰ পাব্লিক মেম্বাৰসকলৰহে তথ্য চুৰি হৈছে, ইয়াৰ বিপৰীতে প্ৰাইভেট মেম্বাৰসকল সুৰক্ষিতভাৱেই আছে।