NORTHEAST NOW (Assamese)
অসম

জাগুনত বন্যহস্তীৰ আক্ৰমণত এজন বয়োবৃদ্ধ লোকৰ মৃত্যু; খৰি লুৰিবলৈ গৈছিল লোকজন

Posted by: মানস প্ৰতীম গগৈ Updated by: মানস প্ৰতীম গগৈ April 16, 2020 8:00 am
https://assam.nenow.in/wp-content/uploads/2020/04/Screenshot_20200415_204120.jpg
 তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত জাগুন বন বিভাগৰ কাৰ্যালয়ৰ অধীনৰ কথা সংৰক্ষিত বনাঞ্চলত এক শোকাবহ ঘটনা সংঘটিত হয়৷
সংৰক্ষিত বনাঞ্চলখনত দিন দুপৰতে বন্যহস্তিয়ে প্ৰাণ ল’লে এজন লোকৰ৷
শুকান খৰি অনিবলৈ বুলি বনাঞ্চললৈ গৈছিল লোকজন৷
লোকজনৰ নাম দল বাহাদুৰ তামাং(৭৫)৷ মৃত তামাঙৰ ঘৰ ৩নং উদয়পুৰ কুঁহিয়াৰ বাৰীৰ ৰাণা গাঁৱত বুলি জানিব পৰা গৈছে৷
ঘটনাস্থলীত স্থানীয় ৰাইজ আৰু বন বিভাগৰ লোক উপস্থিত হৈ মৃত্যু ব্যক্তিজনক উদ্ধাৰ কৰে।

বয়োজ্যেষ্ঠ তামাঙৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ‌ পৰিছে৷