NORTHEAST NOW (Assamese)
Popular Stories

ভূটানৰ পৰা খোজেৰে আহি বাক্সাৰ কাউলীত উপস্থিত অসমৰ ১০জন শ্ৰমিক

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক April 27, 2020 9:31 am
ভূটানৰ পৰা খোজেৰে আহি বাক্সাৰ কাউলীত উপস্থিত অসমৰ ১০জন শ্ৰমিক

ল’কডাউনৰ মাজতে ভূটানত কৰ্মৰত অসমৰ ১০জনকৈ শ্ৰমিক পাহাৰ বগাই, নৈ পাৰ হৈ খোজকাঢ়ি আহি দেওবাৰ অসমত উপস্থিত হয়। বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ কাউলীত প্ৰৱেশ কৰা উক্ত শ্ৰমিক কেইজন ভূটানৰ ভাংটাৰৰ কাৱৈ পানীত কৰ্মৰত আছিল।

ইয়াৰে ৫ গৰাকী শ্ৰমিকৰ ঘৰ শোণিতপুৰ জিলাত হোৱাৰ বিপৰীতে আন ৫ গৰাকীৰ ঘৰ বাক্সাৰ কাউলীতে।

জানিব পৰা মতে তেওঁলোকে পুৱা দেওবাৰে পুৱা ৪বজাৰ পৰা খোজকাঢ়ি আহি আৱেলি কাউলীত উপস্থিত হয়। লোক কেইজন উপস্থিত হোৱাৰ পিছত অঞ্চলটোত এক আতংকৰ সৃষ্টি হৈছিল। বৰ্তমান তেওঁলোকক কাউলী তৰুণগাঁও প্ৰাথমিক বিদ্যালয়ত ৰখা হৈছে।

নিশা ঘটনাস্থলীত তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰা আৰু কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপন গগৈ উপস্থিত হৈ ঘটনাৰ বুজ লৈছে। ইতিমধ্যে লোক কেইজনৰ ওচৰত চিকিৎসা কৰ্মীৰ এটা দল গৈ তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা বুলি জানিব পৰা গৈছে।

শোণিতপুৰৰ শ্ৰমিক কেইজনৰ নামসমূহ হৈছে ৰাম দয়াল পাইক, ৰূপেছ ওৰাং, পাপলু ভূমিজ, খুদাং মুণ্ডা আৰু আমজান খান। বাক্সাৰ কাউলীৰ লোক কেইজনৰ নাম হৈছে মহেশ্বৰ বিশ্বাস, হিৰো বৈশ্য, অখিল বিশ্বাস, উদয় বৈশ্য আৰু প্ৰভাত বাক্সি।