NORTHEAST NOW (Assamese)
অসম

ৰাজস্থানত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীৰ দলটো বাছেৰে আহি উপস্থিত হ’ল গুৱাহাটীত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 27, 2020 8:53 am
kota-bus

ৰাজস্থানৰ কোটাৰ পৰা তাত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীৰ দলটো বাছেৰে আহি আজি পুৱতি নিশা ৩বাজি ১০ মিনিটত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত উপস্থিত হয়।

বাছৰ লগতে আহি উপস্থিত হোৱা যাত্ৰীসকলক কামৰূপ (মেট্ৰ’) জিলা প্ৰশাসনে উষ্ম আদৰণি জনায়।

দলটো আহি উপস্থিত হোৱাৰ সময়ত তাত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাও উপস্থিত থাকে।

মন্ত্ৰী শৰ্মাই টুইটাৰৰ জৰিয়তে আৱদ্ধ ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনায়।

তেওঁৰ টুইটাৰত মন্ত্ৰী গৰাকীয়ে লিখিছে:

‘’কোটাৰ পৰা এক দীঘলীয়া যাত্ৰাৰ অন্তত ৩৯১গৰাকী ল’ৰা-ছোৱালী আনন্দেৰ উভতি আহিছে। তেওঁলোক আৰু তেওঁলোকৰ পৰিয়ালৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আমি তেওঁলোকক ১৪ দিনৰ কোৱাৰেন্টাইন ৰাখিম।‘’

কোটাত আৱদ্ধ হৈ থকা অসমৰ ৩৯১ গৰাকী ছাত্ৰ-ছাত্ৰীকে সৰুসজাই ষ্টেডিয়ামৰ কোৱাৰেন্টাইনলৈ পঠিয়াই দিয়া হ’ব।

ছাত্ৰ-ছাত্ৰীসকলক প্ৰথমতে পাঁচদিনৰ বাবে কোৱাৰেন্টাইন কৰা হ’ব আৰু নিৰীক্ষণত ৰখা হ’ব।

তেওঁলোকৰ পৰীক্ষা কৰা হ’ব আৰু তেওঁলোকৰ লক্ষণসমূহৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসকে তেওঁলোকক আনুষ্ঠানিক কোৱাৰেন্টাইন কৰা হ’ব নে হোম কোৱাৰেন্টাইনত দিয়া হ’ব তাৰ সিদ্ধান্ত ল’ব।

himanta-kota
ফটো: টুইটাৰ @হিমন্ত বিশ্ব

 

উল্লেখযোগ্য যে ৰাজস্থানৰ কোটাত অধ্যয়নৰত অসমৰ ছাত্ৰ-ছাত্ৰীৰ দলটো অসম চৰকাৰৰ সহযোগত অসমলৈ আহিছে।

কামৰূপ মহানগৰ আৰক্ষীৰ সহকাৰী আৰক্ষী অধীক্ষক পণজিৎ‌ দুৱাৰৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ৰাজস্থানৰ পৰা অসমলৈ অসমৰ শিক্ষাৰ্থী দলটোক লৈ আনিছে।

মুঠ ৩৯১ গৰাকী ছাত্ৰ-ছাত্ৰীক ১৮ খন বিশেষ বাছৰে অসমলৈ লৈ আহি থকা বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত জানিবলৈ দিছিল।

ছাত্ৰ-ছাত্ৰীসকলৰ বেছিভাগৰে বয়স ১৮ বছৰতকৈ কম হ’ব বুলি মন্ত্ৰী গৰাকীয়ে লগতে জনাইছিল।

kota-students
ফটো: টুইটাৰ @ডিচি কামৰূপ মেট্ৰ’

অসমৰ শিক্ষাৰ্থী সকলক লৈ আহি থকা বাছ কেইখনৰ এই যাত্রা নিৰীক্ষণ কৰি আছিল আই পি এছ বিষয়া তথা বৰ্তমান ৰাজ্যৰ ক’ৰ’না কন্ট্ৰ’লৰ তত্বাৱধায়ক আনন্দ প্ৰকাশ তিৱাৰীয়ে।

আনহাতে, বাছৰ ভাড়া ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকে বহন কৰা বুলিও মন্ত্ৰীগৰাকীয়ে সংবাদমেলত জনাইছিল। প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৭০০০ টকাকৈ বাছৰ ভাড়া বহন কৰিছে বুলি হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত উল্লেখ কৰিছিল।

অসম চৰকাৰে বিভিন্ন ৰাজ্যৰ মাজেৰে পাৰ হৈ আহিবলগীয়া যাৱতীয় অনুমতিৰ ক্ষেত্ৰতহে সহায় কৰিছে বুলিও’ তেওঁ জানিব দিছিল।