NORTHEAST NOW (Assamese)

পুৱতি নিশা পথৰ ওপৰতে বাগৰি পৰিল পিক আপ ভান, ১০ জন নিহত

February 1, 2021 10:21 am · এন ই নাও নিউজ
Updated: February 1, 2021 12:27 pm

এক ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গ’ল ওড়িশাক।

ওড়িশাৰ কোৰাটপুৰ জিলাত  সোমবাৰে পুৱতি নিশা এখন যাত্ৰীৰে ঠাহ খাই থকা পিক আপ ভানে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে।

এই দুৰ্ঘটনাত ৯ জন লোকৰ থিতাতে মৃত্যু ঘটাৰ লগতে আন এজন লোকৰ চিকিৎসালয়ত মৃত্যু ঘটে।

ভয়ংকৰ দুৰ্ঘটনাটোত আহত হৈছে ১৫ জন লোক।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি পিক আপ ভান খনে অত্যধিক যাত্ৰী কঢ়িয়াই অনাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হৈছে।

বাহন খনত যাত্ৰা কৰা লোকসকলে ছট্টিশগড়ৰ নাগৰনাৰ পৰা ওড়িশাৰ কোৰাটপুৰ জিলাৰ কোটপুৰলৈ বুলি গৈ আছিল।

দুৰ্ঘটনাটোত আহত বহু কেইজন লোকৰ সংখ্যা সংকটজনক হোৱালৈ লক্ষ্য কৰি নিহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিছতে গভীৰ শোক প্ৰকাশ কৰিছে।

টুইটাৰত মোদীয়ে দুৰ্ঘটনাটোত নিহত লোকসকলৰ আত্মাৰ সদগতি কামনা কৰাৰ লগত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

ওড়িশাৰ প্ৰধানমন্ত্ৰী নবীন পাটনায়কেও দুৰ্ঘটনাটোত নিহতসকলৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছে।

তেওঁ দুৰ্ঘটনাটোত আহতসকল উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিৱলৈ সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিছে।

উল্লেখ্য দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ যাত্ৰীসকলে দেওবাৰে নিশাই ওড়িশা অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল।

Related News