NORTHEAST NOW (Assamese)
দেশ

দিল্লীৰ মালৱীয় নগৰৰ এখন ৰেষ্টুৰেণ্টত ভয়ংকৰ অগ্নিকাণ্ড, ১০ জন লোকৰ অকাল মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 3, 2026 12:23 pm

বুধবাৰে দিল্লীৰ অভিজাত এলেকা মালৱীয় নগৰৰ এখন ৰেষ্টুৰেণ্টত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত কমেও ১০ জন লোকৰ মৃত্যু হয়।

বিষয়াসকলে জানিবলৈ দিয়া মতে, অগ্নিনিৰ্বাপক বাহিনীয়ে পুৱা প্ৰায় ৯ বজাত এই অগ্নিকাণ্ডৰ খবৰ লাভ কৰে। খবৰ পোৱাৰ লগে লগে জুই নিৰ্বাপনৰ বাবে দহখনকৈ অগ্নিনিৰ্বাপক বাহন ততাতৈয়াকৈ ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়।

সংবাদ সংস্থা পিটিআইৰ উদ্ধৃতিৰে দিল্লী অগ্নিনিৰ্বাপক সেৱাৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে, লেমন গ্ৰীণ নামৰ ৰেষ্টুৰেণ্টখনত লগা এই জুই নিৰ্বাপনৰ বাবে প্ৰাথমিক পৰ্যায়ত দুখন পানী কঢ়িওৱা বাহন (ৱাটাৰ টেণ্ডাৰ), দুখন ৱাটাৰ বাউজাৰ, এখন দ্ৰুত সঁহাৰি বাহন আৰু অন্যান্য নিৰ্বাপক গোটসমূহ প্ৰেৰণ কৰা হৈছিল।

প্ৰাথমিক খবৰ অনুসৰি, অগ্নিনিৰ্বাপক বাহিনীৰ লোকে অট্টালিকাটোৰ তলৰ মহলাৰ পৰা তিনিজন লোকক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়। অৱশ্যে সেই সময়ত চিকিৎসালয়ত ভৰ্তি কৰোৱা লোককেইজনৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে কোনো তথ্য জানিব পৰা হোৱা নাই।