NORTHEAST NOW (Assamese)

মধ্য প্ৰদেশত চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড: ১০ জন নিহত, আহত কেইবাগৰাকীও

August 1, 2022 6:17 pm · এন ই নাও নিউজ, গুৱাহাটী

মধ্যপ্ৰদেশৰ জবলপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ড। জবলপুৰস্থিত নিউ লাইফ মাল্টিস্পেচিয়েলিটি হাস্পতালত এই বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে।

চিকিৎসালয়খনৰ আই চি ইউ কক্ষত সংঘটিত হোৱা এই অগ্নিকাণ্ডত বৰ্তমানলৈকে ১০ জন লোক নিহত হৈছে বুলি জানিব পৰা গৈছে।

শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয় বুলি চিকিৎসালয় কৰ্তৃপক্ষই সন্দেহ প্ৰকাশ কৰিছে।

স্থানীয় বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, জুই নিয়ন্ত্ৰণলৈ অনাৰ বাবে কেইবাখনো অগ্নি নিৰ্বাপক গাড়ী ততাতৈয়াকৈ চিকিৎসালয়খনলৈ প্ৰেৰণ কৰা হয়।

নিহত দহগৰাকী ব্যক্তিৰ ভিতৰত পাঁচগৰাকী চিকিৎসাধীন ৰোগী আৰু তিনিগৰাকী চিকিৎসালয়ৰ কৰ্মচাৰী বুলি জিলাখনৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বহুগুনাই সদৰি কৰিছে।

আনহাতে আন দুগৰাকী নিহত ব্যক্তিক এইপৰ্যন্ত চিনাক্ত কৰিব পৰা নাই বুলি আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিছে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কেইবাজনো ব্যক্তিক বৰ্তমান চিকিৎসা কৰি থকা হৈছে আৰু উদ্ধাৰ অভিযান চলি আছে বুলিও তেওঁ লগতে মন্তব্য কৰে।

আনহাতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে নিহতসকলৰ মৃত্যুত দুখ প্ৰকাশ কৰি প্ৰতিগৰাকী নিহত লোকৰ পৰিয়াললৈ ৫ লাখকৈ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।

Related News