NORTHEAST NOW (Assamese)

ৰেগিং কৰি এবছৰলৈ নিলম্বিত হ’ল মেডিকেল কলেজৰ ১০ ছাত্ৰ

September 12, 2023 7:12 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 12, 2023 6:40 pm

শেহতীয়াকৈ কলেজ আৰু বিশ্ববিদ্যালয়ত ৰেগিঙৰ সংখ্যা বৃদ্ধি পাইছে। বিভিন্ন স্থানত ৰেগিঙৰ ফলত ছাত্ৰ-ছাত্ৰীৰ মৃত্যুকে ধৰি বিভিন্ন অভিযোগ উত্থাপন হৈছে। 

শেহতীয়াকৈ কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ত ৰেগিঙৰ বাবে এজন ছাত্ৰৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাই ৰাজ্যখনৰ ৰাজনীতিত অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিছে। 

ইয়াৰ মাজতে তেলেংগানাৰ গান্ধী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হোৱা এক ৰেগিঙ কাণ্ডই দক্ষিণ ভাৰতত তোলপাৰ লগাইছে। এই ৰেগিং কাণ্ডৰ বাবে মহাবিদ্যালয় খনৰ কৰ্তৃপক্ষই ১০ গৰাকী ছাত্ৰক ১ বছৰৰ বাবে মহাবিদ্যালয়খনৰ পৰা নিলম্বন কৰিছে।

এই সম্পৰ্কে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ৰমেশ ৰেড্ডীয়ে কয় যে আমাৰ কলেজত আমি কোনো ধৰণৰ ৰেগিং সহ্য নকৰো।

কলেজৰ সূত্ৰৰ মতে, কিছুদিন পূৰ্বে ছিকেণ্ডৰাবাদৰ গান্ধী চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ এমবিবিএছৰ ছাত্ৰ-ছাত্ৰীয়ে জুনিয়ৰক ৰেগিং কৰাৰ অভিযোগ উত্থাপন হৈছিল। 

ৰেগিঙৰ বলি হোৱা ছাত্ৰ-ছাত্ৰীসকলে পোনপটীয়াকৈ ইউজিচিৰ এণ্টি বেগিং চেলত অভিযোগ দাখিল কৰে। সেই অভিযোগ লাভ কৰাৰ পিছত ইউজিচিৰ এণ্টি ৰেগিং চেলে তেলেংগানাৰ গান্ধী মেডিকেল কলেজৰ কৰ্তৃপক্ষক এই ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে।
ইয়াৰ পিছত কলেজ কৰ্তৃপক্ষই জুনিয়ৰক ৰেগিং কৰাৰ অভিযোগত ১০ গৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰক নিলম্বন কৰে।

সোমবাৰে গান্ধী মেডিকেল কলেজে ১০ গৰাকী ছাত্ৰ-ছাত্ৰীক নিলম্বন কৰাৰ এই সিদ্ধান্ত গ্ৰহণ কৰে। লগতে এবছৰৰ বাবে হোষ্টেলৰ পৰাও বহিষ্কাৰ কৰা হৈছে ছাত্ৰকেইজনক।

Related News