NORTHEAST NOW (Assamese)

অৰুণাচল প্ৰদেশত নতুনকৈ ১০ গৰাকী ক’ৰ’না পজিটিভ; মুঠ আক্ৰান্তৰ সংখ্যা ১৫৮ গৰাকীলৈ বৃদ্ধি

June 23, 2020 9:47 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত পুনৰ দহ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা ১০ গৰাকী লোকৰ সৈতে অৰুণাচল প্ৰদেশত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ১৫৮ গৰাকীলৈ বৃদ্ধি পাইছে।

ৰাজ্যখনত এতিয়ালৈ ৩৮ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ পৰা সুস্থ হৈ উঠিছে। বৰ্তমান অৰুণাচলৰ বিভিন্ন চিকিৎসালয়ত মুঠ ১২০ গৰাকী ক’ৰ’না আক্ৰান্ত চিকিৎসাধীন হৈ আছে।

আজি ৰাজ্যখনত নতুনকৈ ক’ৰ’না আক্ৰান্ত লোক দহ গৰাকীৰ ভিতৰত ৯ গৰাকীয়ে হৈছে ৰাজধানী ইটানগৰৰ আৰু এগৰাকী টাৱাঙৰ।

অৰুণাচল প্ৰদেশৰ স্বাস্থ্য বিভাগৰ বিষয়া এগৰাকীয়ে জনোৱা অনুসৰি ক’ৰ’না আক্ৰান্ত হোৱা আটাইকেইগৰাকী লোক বহিঃৰাজ্যৰ পৰা নিজ ৰাজ্যলৈ ঘুৰি অহা লোক।

উত্তৰ প্ৰদেশ, পশ্চিমবংগ, জম্মু-কাশ্মীৰ, বিহাৰ, মহাৰাষ্ট্ৰ, অসম আৰু মণিপুৰৰ পৰা এইসকল লোক অৰুণাচল প্ৰদেশলৈ উভতি গৈছিল।

আটাইকেইগৰাকী ক’ৰ’না আক্ৰান্তকে বৰ্তমান আইচ’লেশ্যন ৱাৰ্ডত ৰাখি চিকিৎসা প্ৰদান কৰি থকা হৈছে।

Related News