NORTHEAST NOW (Assamese)
Popular Stories

অসমত ৪৩১৯ লৈ বৃদ্ধি ক’ৰ’না আক্ৰান্তৰ সংখ্যা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 16, 2020 2:41 pm

অসমত ৪৩১৯ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।

এইবাৰ একেলগে ১০ গৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

ইয়াৰে ৩ গৰাকী ধেমাজি, তিনিগৰাকী ওদালগুৰি, শোণিতপুৰ দুগৰাকী, এগৰাকী নগাঁও আৰু এগৰাকী হোজাইৰ।

অসমত ২২০৫ জন ব্যক্তি এইপৰ্য্যন্ত আৰোগ্য হৈ উঠিছে। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২১০৩ জন।

অসমত ক’ভিড-১৯ৰ ফলত এতিয়ালৈকে আঠগৰাকী লোকৰ মৃত্যু ঘটিছে।

স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য প্ৰকাশ কৰিছে।

সোমবাৰৰ দিনা অসমত মুঠ ১৯১ জন ব্যক্তিৰ ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে।

সেইদৰে, ৰাজ্যখনত দেওবাৰে নিশা ৬৯ জন লোকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছিল।

এই ক’ভিড-১৯ পজিটিভ চিনাক্ত হোৱা ৬৯ জন ব্যক্তিৰ ভিতৰত আছিল নগাঁৱৰ ১৬ জন, ধুবুৰীৰ ১৫ জন, কামৰূপৰ ১২ জন, যোৰহাটৰ ১০ জন, ধেমাজিৰ ৬ জন, ওদালগুৰিৰ ৪ জন, কামৰূপ গ্ৰাম্যৰ ৩ জন আৰু বৰপেটাৰ ৩ জন লোক।

তদুপৰি, দেওবাৰে দিনৰ ভাগতো ৰাজ্যখনত আন ১০৬ জন ক’ভিড-১৯ পজিটিভ ব্যক্তি চিনাক্ত হৈছিল।

এই চিনাক্ত ব্যক্তিসকলৰ মাজত নগাঁৱৰ ৩২, কামৰূপৰ ২৮, দৰঙৰ ১৩, বৰপেটাৰ দহ, কৰিমগঞ্জৰ তিনি, লখিমপুৰৰ দুই আৰু ধেমাজি আৰু কাছাৰৰ এজনকৈ ব্যক্তি আছিল।

দেওবাৰৰ দিনটোত মুঠতে ২১৮ জন ক’ভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছিল।