NORTHEAST NOW (Assamese)
অসম

কটন বিশ্ববিদ্যালয়ত আয়োজন কৰা হৈছে আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 6, 2019 6:46 am
cotton-college

ৰাজ্যখনৰ ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত আয়োজন কৰা হৈছে এখন আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাৰ।

কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা আৰু নাৰী সাৰস্বত মঞ্চৰ যুটীয়া উদ্যোগত সদৌ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখনৰ আয়োজন কৰা হৈছে।

তৰ্ক প্ৰতিযোগিতাখন কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত অহা বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব।

উক্ত তৰ্ক প্ৰতিযোগিতাৰ বিষয় হৈছে ”নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ উত্তৰ-পূব ভাৰতৰ নাগৰিক সকলৰ স্বাৰ্থৰ পৰিপন্থী আৰু ভাৰতীয় সংবিধানৰ প্ৰতি ভাবুকি স্বৰূপ’’।

কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই জানিবলৈ দিছে এই কথা।

প্ৰতিযোগিতাখনত একাদশ শ্ৰেণীৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ শ্ৰেণীৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি ৰখা হৈছে।

প্ৰতিযোগিতাখনত অসমৰ যিকোনো মহাবিদ্যালয় প্ৰতিযোগীয়ে মুকলিকৈ অংশ গ্ৰহণ কৰিব পাৰিব।

আনহাতে, তৰ্ক প্ৰতিযোগিতাখনৰ বিজয়ী প্ৰতিযোগীসকলক নগদ ধনৰ লগতে ট্ৰফী পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ’ব।

প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰিবলৈ ইচ্ছুক প্ৰতিযোগীয়ে ৯৯৫৪৮-৬৪২১১ আৰু ৯৩৬৫৭-৬৯২৫৫ নম্বৰত ছাত্ৰ একতা সভাৰ সদস্যৰ সৈতে যোগাযোগ কৰিব পাৰে।