NORTHEAST NOW (Assamese)
অসম

দ্বীপত পৰিণত এখন গাঁও : বছৰটোৰ ছমাহে পানীত আৱদ্ধ বৰোমাৰু গাঁৱত হাহাকাৰ

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা August 6, 2019 7:31 am
IMG_20190731_131732

গোৱালপাৰা জিলাৰ জলেশ্বৰ বিধান সভা সমষ্টিৰ এখন গাঁও। সম্প্ৰতি গাঁৱখন এটা দ্বীপত পৰিণত হৈছে ৷

গাঁৱখনলৈ অহাযোৱা কৰাৰ বাবে নাই কোনো পথ। নাও অথবা ভুৰৰ বাহিৰে তালৈ যোৱাৰ বাবে নাই কোনো বিকল্প পথ।

দুই এদিনৰ কথা নহয়, বিগত ৪০/৫০ বছৰ ধৰি এই অৱস্থাৰে বছৰটোৰ ছমাহে পানীৰ তলত থকা এই গাঁৱখনৰ নাম বৰোমাৰু।

যি সময়ত চৰকাৰে পৰিবৰ্তনৰ কথা কৈছে সেই সময়ত পৰিবৰ্তনৰ বতাহে স্পৰ্শ কৰিব পৰা নাই বৰোমাৰু গাঁৱখনক।

গাঁৱখনত চাইকেল,বাইক আদি একোয়ে নাই ৷ ছয়টা মাহৰ বাৱে এই গাঁৱলৈ অহাযোৱাৰ বাবে নাও অথবা কলগছৰ ভুৰেই হৈছে একমাত্ৰ বিকল্প বাহন ৷

IMG_20190731_131726
ফটো : নৰ্থইষ্ট নাও

গাঁৱখনৰ প্ৰতিটো ঘৰৰ সন্মুখত চাইকেল, বাইকৰ সলনি বান্ধি থোৱা আছে একোখনকৈ নাও ৷ যাৰ নাও নাই তেওঁলোকে কলৰ ভুৰকে বান্ধি থৈছে।

অঞ্চলটোত যেনেদৰে যাতায়াতৰ বাবে বাট-পথ নাই, তেনেদৰে আন কোনো বুনিয়াদী সুবিধাও নাই। স্বাস্থ্য, শিক্ষা, খোৱা পানীৰো নাই ব্যৱস্থা।

গাৱঁবাসীয়ে গাঁৱখনৰ এই অসুবিধাবোৰ আঁতৰ কৰিবলৈ চৰকাৰ আৰু জিলা প্ৰশাসনক বহু আবেদন জনাই আহিছে যদিও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

আনকি কাষতে থকা জলেশ্বৰ বিধান সভা সমষ্টিৰ বিধায়ক গৰাকীৰো কোনো কাণসাৰ নাই।

এনে এক পৰিস্থিতিৰ মাজত, বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকল এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

বৰোমাৰু গাৱঁবাসীয়ে সম্প্ৰতি বহুত দুখ-যাতনাৰ মাজৰে দিন অতিবাহিত কৰিছে। বছৰটোৰ ছমাহে পানীত আৱদ্ধ থকা এই গাঁৱখনৰ প্ৰতি চৰকাৰ-প্ৰশাসনৰ সুদৃষ্টি পৰিবনে ?