NORTHEAST NOW (Assamese)

আন্দামানৰ মাত্ৰ ৫৯ জন লোক জীয়াই থকা জনগোষ্ঠীটোৰ ১০ জনেই আক্ৰান্ত কোভিডত

August 28, 2020 5:32 pm · এন ই নাও নিউজ

সাগৰৰ মাজত সৰু সৰু দ্বীপ।

দ্বীপৰ ঘন অৰণ্যৰ মাজত বাস কৰা বহু লোকেই আজিও দেখা নাই আধুনিক সভ্যতাৰ পোহৰ।

আন্দামান-নিকোবৰৰ সাগৰৰ মাজত সিচঁৰতি হৈ থকা বহু জনগোষ্ঠীৰ জীৱনলৈ ছুনামীকে ধৰি আন বহু প্ৰাকৃতিক দুৰ্যোগে নমাই আনিছে অস্তিত্বৰ সংকট।

আন্দামানৰ দ্বীপ সমূহত বাস কৰে ৬টা জনগোষ্ঠীৰ লোকে।

সেইবোৰ হ’ল ক্ৰমে গ্ৰেট আন্দামানিজ,জাৰৱা,ছেণ্টিনেলিজ,অংগে ,নিকোবাৰিজ,ছম্পেন। ইয়াৰে গ্ৰেট আন্দামানিজ জনগোষ্ঠীটোক বাদ দি বাকী কেইটা জনগোষ্ঠীৰ লোক সকলে আধুনিক বিশ্বৰ লোক সকলৰ সৈতে কোনো দিনে মিলা-মিছা কৰি পোৱা নাই ।

ভাৰত চৰকাৰেও আধুনিক সভ্যতাৰ পৰা বাহিৰত থাকিব বিচৰা এই জনগোষ্ঠী সমূহ যাতে চিৰ দিনৰ বাবে যাতে হেৰাই নাযায় তাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

আধুনিকতাৰ পোহৰ নেদেখা যিবোৰ অঞ্চলত সেই জনগোষ্ঠীৰ লোকে বাস কৰে সেই অঞ্চল সমূহলৈ সাধাৰণ লোকৰ যাতায়াত বন্ধ কৰা হৈছে।

আধুনিকতাৰ সামান্য সংস্পৰ্শলৈ অহা আন্দামানৰ গ্ৰেট আন্দামানিজ জনগোষ্ঠীৰ বৰ্তমান জনসংখ্যা মাত্ৰ ৫৯ গৰাকী।

সেই ৫৯ গৰাকী লোকৰ মাজৰে আকৌ ১০ জন লোক শেহতীয়াকৈ আক্ৰান্ত হৈছে মাৰাত্মক ক’ৰ’ণা ভাইৰাছত।

সেয়ে চিন্তিত হৈ পৰিছে চৰকাৰ। চৰকাৰে ক’ৰ’ণাত আক্ৰান্ত ১০ জন গ্ৰেট আন্দামানিজ লোকৰ মাজৰে বেছিকৈ অসুস্থ হৈ পৰা ৬ জনক চিকিৎসাৰ বাবে আনিছে পোৰ্টব্লেয়াৰৰ চিকিৎসালয়লৈ।

বাকী কেইগৰাকীক ৰাখিছে ঘৰতে। জনগোষ্ঠীটোৰ কোভিড আক্ৰান্ত লোক কেইজনৰ পৰা যাতে অৱশিষ্ট আন লোকলৈ ৰোগ বিয়পি পৰিব নোৱাৰে তাৰ বাবে চৰকাৰে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে।

Related News