NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী ৰে’ল ষ্টেশ্যনত ১০ পেকেট ব্ৰাউন ছুগাৰসহ মণিপুৰৰ যুৱক আটক

Posted by: এন ই নাও নিউজ November 18, 2018 10:52 am
ghy rly station

গুৱাহাটী ৰে’ল ষ্টেশ্যনত আজি পুৱা প্ৰায় ৭:৩০ বজাত ৰে’ল আৰক্ষীয়ে ১০ পেকেট ব্ৰাউন ছুগাৰসহ এজন লোকক আটক কৰে।

প্ৰাপ্ত তথ্য মতে ষ্টেশ্যনৰ ১নং প্লেটফৰ্মৰ পৰা ৰে’ল আৰক্ষীয়ে আটক কৰা লোকজনক মণিপুৰৰ ইম্ফল ইষ্ট জিলাৰ য়াইকিপ’ক আৰক্ষী থানাৰ অধীনৰ চাংগামডাবি গাঁৱৰ ছালাউদ্দিন পুত্ৰ আনোৱাৰ (২৫) বুলি চিনাক্ত কৰা হৈছে।

নামনি কামৰূপ এক্সপ্ৰেছ ট্ৰেইনৰ বাবে ৰৈ থকা অৱস্থাতে ৰে’ল আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম হয়।

ৰে’ল আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়া মতে ১২৫ গ্ৰাম উজনৰ ব্ৰাউন ছুগাৰখিনিৰ ক’লা বজাৰত মূল্য প্ৰায় ১২,৫০,০০০ টকা হ’ব।

এই সন্দৰ্ভত অধিক তদন্ত কৰি পৰৱৰ্তী কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।