NORTHEAST NOW (Assamese)
অসম

পূজাৰ আনন্দৰ মাজতে লামডিঙত ভয়ংকৰ অগ্নিকাণ্ডত ১০ টাকৈ ঘৰ ভস্মীভূত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 7, 2019 7:14 am

দুৰ্গা পূজাৰ আনন্দৰ মাজতে অষ্টমীৰ নিশা লামডিঙৰ দক্ষিণ লামডিং বিদ্যালয়ৰ সমীপত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

জানিব পৰা মতে অঞ্চলটোৰ নিমু দে’ নামৰ এজন লোকৰ ঘৰত প্ৰথমৱস্থাত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। আৰু পিছত এই বিধ্বংসী অগ্নিয়ে ১০ টাকৈ ভাড়াতীয়া লোকৰ আৱাসগৃহ সম্পূৰ্ণভাৱে ভস্মীভূত কৰে।

এই অগ্নিকাণ্ডৰ সময়তে দুটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হৈ ঘটনাই আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰে। লগতে স্থানীয় ৰাইজৰ মাজতো ইয়াকে লৈ হুৱাদুৱা লাগে।

আনহাতে অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপণ কৰে যদিও স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে।

বাতৰি লিখা পৰলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও এই অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক টকৰা ক্ষয়ক্ষতি হয়।