NORTHEAST NOW (Assamese)
Popular Stories

ভোকত কাম কৰোৱাইছে নিৰ্বাচনী বিষয়া-কৰ্মচাৰীক; বিশ্বনাথত উত্তপ্ত পৰিস্থিতি

Posted by: কাজি জেইদুল ইছলাম December 12, 2018 6:08 pm
Biswanath

ৰাজ্যত আজি চলি থকা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ মাজতে বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

উল্লেখযোগ্য যে বিশ্বনাথ প্ৰশাসনে জিলাখনৰ উপায়ুক্ত কাৰ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ কামত ব্যস্ত কৰ্মচাৰীসকলক প্ৰয়োজনীয় পৰিমাণৰ খাদ্য যোগান নধৰাক কেন্দ্ৰ কৰিয়েই এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

তদুপৰি তেওঁলোকক যোগান ধৰা খাদ্যখিনিও অতি নিম্ন মানদণ্ডৰ বুলি পুৱাৰে পৰা ভোকে-পিয়াহে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ দায়িত্বত ব্যস্ত কৰ্মচাৰীসকলে অভিযোগ কৰে। আনহাতে প্ৰশাসনৰ ফালৰ পৰা যোগান ধৰা পানী খাই বহু কেইগৰাকী নিৰ্বাচনী বিষয়া-কৰ্মচাৰী অসুস্থ হোৱাৰ অভিযোগ উঠিছে।

যাৰ ফলত প্ৰশাসনৰ উক্ত গাফিলতিত ক্ষুব্ধ হৈ পৰা নিৰ্বাচনী বিষয়া-কৰ্মচাৰী সকলে খাদ্যৰ যোগান গৃহত প্ৰৱেশ কৰি বাচন-বৰ্তন ভাঙি ক্ষোভ প্ৰকাশ কৰাৰ লগতে খাবলৈ নাপালে কাম নকৰাৰো হুংকাৰ দিয়ে।