NORTHEAST NOW (Assamese)
অসম

বড়োক পাৰ্বত্য জনজাতি মৰ্যাদাৰ প্ৰতিবাদত আহ্বান জনোৱা কাৰ্বি আংলং, ডিমা হাছাও বন্ধ শান্তিপূৰ্ণ

Posted by: পংকজ কুমাৰ দেব Updated by: পংকজ কুমাৰ দেব December 12, 2018 5:44 pm
Karbi Anglong, Dima Hasao Bandh

কাৰ্বি আংলং আৰু ডিমা হাছাওত বাস কৰা বড়োসকলক পার্বত্য জনজাতি  মৰ্য্যদা দিয়া বিধেয়কৰ প্ৰতিবাদত ডিমাছা ষ্টুডেন্টছ ইউনিয়ন, মাৰ স্টুডেন্ট এছোচিয়েশ্যন, কাৰ্বি ষ্টুডেন্টছ ইউনিয়নকে ধৰি মুঠ ৬টা ছাত্ৰ সংগঠনে আজি ১২ ডিচেম্বৰ বুধবাৰে পুৱা ৫-০০ বজাৰ পৰা আহ্বান জনোৱা ২৪ ঘন্টীয়া ডিমা হাচাও জিলা বন্ধ শান্তিপূৰ্ণভাৱে অতিবাহিত হয়।

আজি পুৱা ৫-০০ বজাৰ পৰা আৰম্ভ হৈছে বন্ধ আৰম্ভ হয়। বন্ধৰ সময়চোৱাত জিলা সদৰ হাফলঙকে ধৰি মাইবাঙ, উমৰাঙচু, লাঙটিং, হাৰাঙ্গাজাও, দিয়ুঙব্ৰা প্ৰতিটো প্ৰান্তত বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হয়। কালিলৈ পুৱা ৫-০০ বজাত ২৪ ঘ্টীয়া বন্ধৰ সামৰণি পৰিব।

উল্লেখ্য যে  বড়ো জনগোষ্ঠীক দুই পাহাৰীয়া জিলা ডিমা হাচাও আৰু কাৰ্বি আংলঙত পাৰ্বত্য জনগোষ্ঠীৰ মৰ্য্যদা দিয়াৰ চৰকাৰী আয়োজনৰ বিৰোধিতাত আৰু লগতে সংবিধানৰ ষষ্ঠ অনুসূচীৰ ২৪৪(ক) ধাৰাৰ অধীনত পৃথক স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ দাবীৰে এই ছাত্ৰ ছাত্ৰ সংগঠনসমূহে কাৰ্বি আংলং আৰু ডিমা হাছাও বন্ধৰ আহ্বান জনাইছিল।