NORTHEAST NOW (Assamese)
অসম

আজিৰে পৰা বিটিচিৰ শীতকালীন অধিৱেশন আৰম্ভ

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী December 12, 2018 6:44 pm
IMG_28211

আজিৰে পৰা বিটিচিৰ পৰিষদৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছে। পি ডব্লিউ ডিৰ অধীনস্থ কিছুমান প্ৰকল্পৰ কাম-কাজত হোৱা অস্বাভাৱিক বিলম্বৰ সন্দৰ্ভত  এমচিএলএ জ্যোতিৰিন্দ্ৰ ব্ৰহ্মই উত্থাপন কৰা এটা প্ৰশ্নৰ আঁত ধৰি পৰিষদৰ মুৰব্বী মহিলাৰীয়ে পৰিষদত কয় যে এই সন্দৰ্ভত কাউঞ্চিল হেড অব ডিপাৰ্টমেণ্টক প্ৰয়োজনীয় নিৰ্দেশ প্ৰদান কৰা হৈছে।

বিটিচিৰ পৰিষদত মহিলাৰীয়ে আৰু জনায় যে ২০১৪-১৫ চনলৈকে পৰি থকা পি ডব্লিউ ডি, পি এণ্ড আৰডি আৰু চিডিৰ অন্তৰ্গত প্ৰকল্পসমূহ মুকলি কৰি দিয়াৰ বাবে আৰু অৰ্ধ-নিৰ্মিত প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ বাবে তেওঁ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিছে। তেওঁ আৰু কৈছে যে যি বিলাক প্ৰকল্পৰ কামত অস্বাভাৱিক পলম হৈছে , সেইবোৰৰ বিৰুদ্ধে পুনৰ নিবিদা আহ্বানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। কি কাৰণে ২০১৩-১৪ বিত্তীয় বৰ্ষৰ ৰামফালবিলৰ কাৰবোজা নদীৰ ওপৰত নিৰ্মাণ আৰম্ভ কৰা দলংখন এতিয়ালৈকে অৰ্ধ-নিৰ্মিত হৈ আছে তাকে লৈ এমচিএলএ জ্যোতিৰিন্দ্ৰ ব্ৰহ্মই প্ৰশ্ন উত্থাপন কৰে। ২৪ মাহৰ ভিতৰত সম্পূৰ্ণ হ’বলগীয়া দলং নিৰ্মাণৰ কাম অৰ্ধ নিৰ্মিত থকা সত্তেও কিয় তাৰ বিৰুদ্ধে প্ৰয়োজনীয় কাৰ্যপন্থা গ্ৰহণ কৰা নহ’ল তাকে লৈ ব্ৰহ্মই প্ৰশ্ন উত্থাপন কৰে।

ইয়াৰ উত্তৰত পৰিষদৰ মুৰব্বী মহিলাৰীয়ে কয় যে বিভাগে বিষয়টো গ্ৰহম কৰিছে আৰু এই সম্পৰ্কত ঠিকাদাৰ সুকুমাৰ ব্ৰহ্মলৈ কেইবাখনো জাননী প্ৰেৰণ কৰি কাৰমৰ গতি খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।তেওঁ আৰু কয় যে কামটোৰ অৰ্ডাৰ ৰদ কৰি নতুনকৈ নিবিদা আহ্বান কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ’ব।