NORTHEAST NOW (Assamese)
অসম

আলফা স্বাধীনৰ সৈতে প্ৰাথমিক আলোচনা অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰীক কৰ্তৃত্ব দিলে অমিত শ্বাহে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 21, 2021 8:26 am
WhatsApp Image 2021-09-21 at 7.41.44 AM

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁক বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ সৈতে প্ৰাথমিক আলোচনা চলোৱাৰ বাবে কৰ্তৃত্ব প্ৰদান কৰিছে।

সোমবাৰে নিশা নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰাৰ পাছত মুখ্যমন্ত্ৰী শৰ্মাই কয়,’’ মই গৃহমন্ত্ৰীগৰাকীৰ সৈতে আলফা স্বাধীনৰ সৈতে শান্তি আলোচনা অনুষ্ঠিত কৰাৰ বিষয়টো আলোচনা কৰিছো। তেওঁ মোক আলফা স্বাধীনৰ সৈতে প্ৰাথমিক আলোচনা অনুষ্ঠিত কৰাৰ বাবে কৰ্তৃত্ব দিছে।‘’

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে যদি সকলো ঠিকেঠাকে আগবাঢ়ে, তেন্তে পৰৱৰ্তী সময়ত আলফাৰ সৈতে শান্তি আলোচনাত কেন্দ্ৰ জড়িত হ’ব পাৰে।

ইপিনে, এনএছচিএন-আইএমৰ সৈতে চলি থকা শান্তি আলোচনাৰ প্ৰক্ৰিয়াত সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতৃত্বাধীন নৰ্থইষ্ট ডেম’ক্ৰেটিক এলায়েন্স (নেডা)ৰ আহ্বায়কগৰাকীয়ে কয় যে তেওঁ এনএছচিএন-আইএমৰ সৈতে শান্তি আলোচনাত আংশিকভাৱে জড়িত যদিও আনুষ্ঠানিকভাৱে বিদ্ৰোহী সংগঠনটোৰ সৈতে কোনো আলোচনা বহা নাই।

লগতে পঢ়ক: আলফা (স্বাধীন)ত মোক্ষম আঘাত,অসম-অৰুণাচল সীমান্তত ধৰা পৰিল সমীৰণ সোণোৱাল ওৰফে যাদৱ অসম

আনহাতে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি)সম্পৰ্কত শৰ্মাই কয় যে কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰে অসমত এনআৰচিৰ এক পুনৰীক্ষণ বিচাৰিছে।

অৱশ্যে, এইক্ষেত্ৰত একমাত্ৰ উচ্চতম ন্যায়ালয়েহে এক সিদ্ধান্ত গ্ৰহণ কৰিব কিয়নো এনআৰচি সৰ্বোচ্চ আদালতখনৰ প্ৰত্যক্ষ নিৰীক্ষণৰ অধীনত প্ৰস্তুত কৰা হৈছিল।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক বিভিন্ন কেন্দ্ৰীয় আঁচনি ৰূপায়নৰ অগ্ৰগতিৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে অসম চৰকাৰে লোৱা প্ৰচেষ্টাৰ বিষয়েও অৱগত কৰে।