NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতক অক্টোপাছৰ দৰে মেৰিয়াই ধৰিছে চীনে! : এইবাৰ কৈলাস পৰ্বতত চীনৰ ক্ষেপণাস্ত্ৰ স্থাপন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 23, 2020 3:52 pm
untitled---2020-08-23t125132-964-jpg_710x400xt

লাডাখৰ পৰা অৰুণাচল প্ৰদেশলৈকে চীনে ভাৰতক দিব নেকি কেঁকুৰা চেঁপা!

নে অক্টোপাছৰ দৰে ভাৰতক মেৰাই ধৰাৰ পাং চীনৰ!

এইবাৰ চীনে লাডাখ, ছিকিম অথবা অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ এৰি চকু দিছে কৈলাস পৰ্বতত।

উপগ্ৰহীয় চিত্ৰত ধৰা পৰা অনুসৰি চীনৰ ৰঙা সেনাই কৈলাস পৰ্বতৰ শিখৰত স্থাপন কৰিছে ক্ষেপণাস্ত্ৰ!

উপগ্ৰহীয় চিত্ৰত এই তথ্য লাভ কৰাৰ লগে লগে ভাৰতৰ প্ৰতিৰক্ষা দপ্তৰ আৰু দিল্লীৰ কূটনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

ইফালে ভাৰতীয় চোৰাংছোৱাৰ সূত্ৰৰ খবৰ অনুসৰি কৈলাস সংলগ্ন বহুকেইটা স্থানত চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মীয়ে সামৰিক তৎপৰতাও বৃদ্ধি কৰিছে।

সূত্ৰটোৰ মতে কৈলাস পৰ্বতত এয়াৰ মিছাইল স্থাপন কৰাৰ নিমিত্তে এইছকিউ-৯ এছএএম ষ্টিটেমটো স্থাপন কৰিছে চীনা সৈন্যই।

তিনিটা ৰেডাৰ স্থাপনৰ কৰিবলৈও আৰম্ভ কৰিছে বুলি দাবী কৰিছে নাম প্ৰকাশত অনিচ্ছুক এক সেনা সূত্ৰই।

উল্লেখ্য যে কৈলাস সৰোবৰলৈ সুগম যাতায়াতৰ অৰ্থে ভাৰত চৰকাৰে ভাৰত-নেপাল-চীন সীমান্তৰ সংযোগ স্থল লিপুলক পৰ্যন্ত এটা পথ নিৰ্মাণ কৰিছে।

১৭,০০০ কিলোমিটাৰ উচ্চতাৰ ৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো নিৰ্মাত নেপালে আপত্তি কৰি আহিছে।

ইয়াৰ পিছতে চীনে কৈলাস পৰ্বত পৰ্যন্ত সেনা সঞ্চালন কৰিবলৈ আৰম্ভ কৰাটোৱে কূটনৈতিকভাৱে বেচ তাৎপৰ্য বহন কৰিছে।