NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাৰ মাকুমকিল্লাত মনসাপূজা চাবলৈ আহি ধৰ্ষণৰ বলি কিশোৰী, এজনক আটক

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ September 4, 2019 8:16 pm

মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত মাকুমকিল্লাত মঙলবাৰে নিশা সংঘটিত এক ধৰ্ষণৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে মাকুমকিল্লাত অনুষ্ঠিত হোৱা মনসাপূজা চাবলৈ অহা এগৰাকী ১২ বছৰীয়া কিশোৰীক  মাকুমকিল্লা টেঙাপথাৰ নিবাসী উত্তম কোঁৱৰ (২২) নামৰ এজন যুৱকে নিশা প্ৰায় ১২.৩০ বজাত আন্ধাৰৰ সুযোগ লৈ ধৰ্ষণ কৰে।

ষষ্ঠমান শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত কিশোৰীগৰাকীক পৰিয়ালৰ লোক তথা স্থানীয় ৰাইজে নিশা উক্ত স্থানৰ পৰা উদ্ধাৰ কৰবিলৈ সক্ষম হয় যদিও দুৰ্বৃত্ত উত্তম কোঁৱৰ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

অৱশ্যে আজি দিনত স্থানীয় গাওঁৰক্ষী বাহিনীৰ দলে অভিযুক্ত উত্তম কোঁৱৰক আটক কৰি মাৰ্ঘেৰিটা আৰক্ষীক চমজাই দিয়ে।

আনহাতে মাৰ্ঘেৰিটা আৰক্ষীয়ে কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে মাৰ্ঘেৰিটা আৰক্ষী থানাত ২৫১/১৯ নং গোচৰ পঞ্জীয়ন কৰি উত্তম কোঁৱৰক জেৰা অব্যাহত ৰাখিছে।